NORTHEAST NOW (Assamese)
অসম

ৰেৱতী ফুকনৰ ‘মৃত্যু’: কি মন্তব্য পুত্ৰ কৌশিকৰ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 20, 2018 10:01 pm
Reboti Phukan

আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য বন্ধু তথা আলফাৰ সৈতে ভাৰত চৰকাৰৰ আলোচনাৰ উদ্যোগ লোৱা ৰেৱতী ফুকনৰ ‘মৃত্যু হৈছে’ বুলি অসমৰ এটা টি ভি চেনেলে সম্প্ৰচাৰ কৰা বাতৰি সন্দৰ্ভত মুখ খুলিছে ফুকনৰ পুত্ৰ কৌশিক ফুকনে।

ফুকনৰ ‘মৃত্যু’ হোৱা বুলি দাবী কৰা চেনেলটোৱে এই সন্দৰ্ভত কোনো নিশ্চিত ‘তথ্য’ যোগান ধৰিব পৰা নাই বুলি নৰ্থ ইষ্ট নাও-ত মন্তব্য কৰিছে কৌশিক ফুকনে।

“কালি বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকজনৰ সৈতে কথা পতা হ’ল, তেওঁ মোক একো তথ্য দিব নোৱাৰিলে,” ফুকনৰ মৃত্যুৰ ‘সন্দেহ’ৰ পৰিৱৰ্তে ‘সঁচা’ বুলি চেনেলটোৱে সম্প্ৰচাৰ কৰাতো ‘উচিত’ হোৱা নাই বুলি মত প্ৰকাশ কৰি নৰ্থ ইষ্ট নাও-ত এই মন্তব্য কৌশিকৰ।

ফুকনে লগতে জনাই যে আৰক্ষীকে ধৰি বিভিন্ন সংস্থাসমূহে বাতৰিটোৰ সত্যতা এতিয়ালৈকে স্বীকাৰ কৰা নাই। কিন্তু অসম আৰক্ষীয়ে এই সন্দৰ্ভত ‘শীঘ্ৰে’ এক স্পষ্টীকৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছে।

“কালি বাতৰিটো সম্প্ৰচাৰিত হোৱাৰ পাছত মই আৰক্ষী তথা বিভিন্ন এজেন্সিৰ সৈতে কথা পাতি আছো। কিন্তু তেওঁলোকৰ হাতত সম্পূৰ্ণ একো তথ্য নাই। অসম আৰক্ষীয়ে আশ্বাস দিছে যে তেওঁ ক’ত আছে অতি সোনকালে এটা স্পষ্টীকৰণ দিব,” জনালে কৌশিকে।

আনহাতে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই তেওঁলোকৰ পৰিয়ালৰ ‘খা-খবৰ’ লয় যদিও দেউতাকৰ ‘মৃত্যু’ সন্দৰ্ভত বৰুৱাই আজিলৈকে একো জনোৱা নাই বুলি সদৰী কৰে ৰেৱতী ফুকনৰ পুত্ৰই।

যোৱা ২২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা এসময়ৰ পি চি জি-ৰ সদস্যজন হত্যাৰ বলি হোৱা বুলি

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি বিভিন্নজনে আশংকা প্ৰকাশ কৰি আহিছে।