NORTHEAST NOW (Assamese)
অসম

ক্ষমা বিচৰাৰ পাছতো ৰামদেৱৰ ওপৰত ক্ষুব্ধ উচ্চতম ন্যায়ালয়; চৰকাৰকো কৰিলে ককৰ্থনা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 3, 2024 8:23 am

উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিলেও ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালন সঞ্চালক বালকৃষ্ণ শীৰ্ষ আদালতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

কৰ’না ভাইৰাছৰ সময়ত তেওঁলোকে যিদৰে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল তাৰ বাবে দেশৰ শীর্ষ ন্যায়ালয়ৰ তীব্র সমালোচনাৰ সন্মুখীন হ’ল বাবা ৰামদেৱ৷

আদালতে কয়, কেৱল উচ্চতম ন্যায়ালয়তেই নহয়, দেশৰ সকলো জনসাধাৰণৰ ওচৰত ক্ষমা খোজা উচিত। ন্য়ায়াধীশসকলে কয় যে আমি এই ক্ষমাপ্ৰাৰ্থনাতে সন্তুষ্ট নহয়।

লগতে পঢ়কঃ IPL 2024: আই পি এলত পুনৰ বিৰাট বিপৰ্যয়; চিন্নাস্বামীত LSGৰ মায়ংকৰ দুৰ্ধৰ্ষ বলিঙত বিধ্বস্ত RCB

মঙলবাৰৰ দিনটোতে আদালতত হাতযোৰ কৰি ক্ষমা খোজে ৰামদেৱৰ অধিবক্তাই। একেদিনাই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো এই বিষয়ত সমালোচনাৰে থকাসৰকা কৰে।

আদালতে কয়, চৰকাৰে এনেধৰণৰ বিজ্ঞাপনৰ দেখি কেনেকৈ চকু মুদি থাকিব পাৰে? এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১০ এপ্ৰিলত হ’ব। সেইদিনাও ৰামদেৱ আৰু বালকৃষ্ণক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে।