NORTHEAST NOW (Assamese)
অসম

উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন বাতিলৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 6, 2024 2:54 pm

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ চলিত বৰ্ষৰ ২২ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন, ২০০৪ বাতিল কৰি ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। শুকুৰবাৰে (৫ এপ্ৰিল) উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইন বাতিল কৰাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীনভাৱে স্থগিতাদেশ জাৰি কৰে৷

ইয়াৰ পূৰ্বে, এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে উচ্চ ন্যায়ালয়ৰ উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন, ২০০৪ৰ বাতিলৰ দ্বাৰা ১০,০০০ মাদ্ৰাছা শিক্ষক আৰু ২৬ লাখতকৈ অধিক মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িব।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত পাঁচখন বিশেষ আবেদন দাখিল কৰা হৈছিল।

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি ‘উলংঘা’ৰ বাবে অসম বিজেপিলৈ জাননী জাৰি মুখ্য নিৰ্বাচনী বিষয়াৰ

প্ৰতিবেদন অনুসৰি, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কয় যে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ ক্ষেত্ৰত উত্থাপিত বিষয়সমূহ স্পৰ্শকাতৰ।সৰ্বোচ্চ ন্যায়ালয়ে কয় যে প্ৰায় ১৭ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ শিক্ষাৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰভাৱ পৰিব।

সৰ্বোচ্চ ন্যায়ালয়ে এই কথাও উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে এই আইনখন সঠিকভাৱে চোৱা নাই। বাতৰি অনুসৰি বিচাৰপীঠে কয় যে যদি উদ্বিগ্নতা আহিছে যে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰাটো নিশ্চিত হোৱা নাই, সেয়া বিচাৰযোগ্য কিন্তু তেনে এক পৰিস্থিতিত মাদ্ৰাছা আইন বাতিল কৰাটো মুঠেই গ্ৰহণযোগ্য নহয়৷ প্ৰকৃততে ছাত্ৰই যাতে গুণগত শিক্ষা লাভ কৰে সেয়া নিশ্চিত কৰিব লাগিব৷

লগতে পঢ়কঃ সঘনাই স্বামীৰ ঘৰ এৰি গুচি যোৱাটো স্বামীৰ প্ৰতি নিষ্ঠুৰতা! বিবাহ বিচ্ছেদৰ অনুমতি দিলে আদালতে

উল্লেখ্য যে, এই গোচৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ে ৩১ মে’ৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ জাননী জাৰি কৰে।ইয়াৰ পাছতে ইউ পি মাদ্ৰাছা এডুকেশ্যন ব’ৰ্ডৰ সভাপতি ইফতিকাৰ আলী জাভেদে সৰ্বোচ্চ ন্যায়ালয়ৰ এই আদেশক আদৰণি জনায়।