NORTHEAST NOW (Assamese)
Popular Stories

কিয় হয় মুখৰ ভিতৰত এনেকুৱা ঘাঁ? কেনেকৈ লাভ কৰিব আৰোগ্য?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 16, 2024 10:46 am

আজি কালি সকলো বয়সৰ লোকেই প্ৰায়ে মুখৰ ভিতৰত হোৱা ঘাঁৰ সমস্যাত ভুগে।। প্ৰথমতে মুখৰ ভিতৰত ফোহা হোৱা যেন লাগে। তাৰ পিছত সেই অংশটো ৰঙা হৈ পৰে। এই ঘূৰণীয়া ৰঙা অংশটো ভিতৰত বগা বগা ফোঁহাৰ দৰে ঘাঁ দেখা যায়। 

এই বগা ঘাঁই অতি পীড়া দিয়ে। খাবলৈ, কথা পাতিবলৈও অতি কষ্ট হয়। আনকি দাঁত ব্ৰাছ কৰাটো কঠিন হৈ পৰে। 

বিশেষজ্ঞসকলে কয় যে মুখৰ ঘাঁৰ আঁৰত বহু কাৰণ থাকিব পাৰে। কোষ্ঠকাঠিন্য, পানীলগা, হৰম’নৰ সমস্যাৰ বাবেও এনে সমস্যা হ’ব পাৰে। শৰীৰত ভিটামিন চি, ভিটামিন বি, আইৰণ, জিংক আৰু ফ’লেটৰ অভাৱৰ বাবেও মুখৰ আলচাৰ বা ঘাঁ হ’ব পাৰে।

যদি এই মুখৰ ঘাঁ বা ফোহাবোৰ বেছি গুৰুতৰ নহয়, তেন্তে ঘৰুৱা উপায়েৰে চিকিৎসা কৰিব পাৰি। মুখৰ ঘাঁ বা আলচাৰ সোনকালে ভাল কৰিব পৰা কেইটামান ঘৰুৱা উপায় তলত দিয়া হ’ল –

১. কুহুমীয়া পানীত অলপ নিমখ মিহলাই কুলকুলি কৰক। ই মুখৰ ঘাঁ সোনকালে ভাল কৰে। দিনটোত তিনিৰ পৰা চাৰিবাৰ মান এনে কৰিলে বিষ আৰু ঘাঁ দুয়োটা কমি যাব। নিমখৰ এন্টিবেক্টেৰিয়েল গুণ আছে, যাৰ ফলত দূষিত ঠাইৰ পৰা বীজাণু নাইকিয়া হয়। 

২. কলা চাহ বা ব্লেক টিত থকা টেনিনে মুখৰ ঘাঁ সোনকালে ভাল কৰে। কলা চাহৰ বেগটো একাপ গৰম পানীত তিয়াই থওক। কিছু সময়ৰ পাছত পানী আৰু চাহৰ বেগটো ঠাণ্ডা হ’লে ঘাঁটোত চাহৰ বেগটো লগাব। 

৩. লং চোবাই খালে মুখৰ ভিতৰত হোৱা বিষ আৰু ঘাঁ সোনকালে ভাল হয়। লঙত থকা এন্টিবেক্টেৰিয়েল আৰু বিষনাশক গুণে ঘাঁ আৰু বিষ দুয়োটা হ্ৰাস কৰাত সহায় কৰিব। 

৪. মৌৰ এন্টিবেক্টেৰিয়েল গুণ আছে। গতিকে ঘাঁ হোৱা স্থানত মৌজোল লগাব পাৰে। দিনটোত কেইঘণ্টামানৰ মূৰে মূৰে মৌ লগালে উপকাৰ পোৱা যায়। 

৫. যিকোনো ঘাঁৰ বাবে হালধী সৰ্বোত্তম প্ৰতিকাৰ হ’ব পাৰে। কেঁচা হালধী খুন্দি আক্ৰান্ত ঠাইত কিছু সময় লগাই থ’ব। কিছুদিন এনেদৰে ব্যৱহাৰ কৰিলে ঘাঁৰ বিষ কমি যাব। 

৬. আলচাৰ নিৰাময়ৰ বাবেও বেকিং চোডা অতি উপযোগী। এচামুচ বেকিং চোডা একাপ পানীত মিহলাই কুলকুলি কৰিব পাৰে।