NORTHEAST NOW (Assamese)
Popular Stories

ডিজিটেল এৰেষ্টৰ বলি ইউটিউবাৰঃ বৰ্ণনা কৰিলে ৪০ ঘণ্টীয়া দুৰ্বিসহ অভিজ্ঞতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2025 7:11 pm
ডিজিটেল এৰেষ্টৰ বলি ইউটিউবাৰঃ বৰ্ণনা কৰিলে ৪০ ঘণ্টীয়া দুৰ্বিসহ অভিজ্ঞতা

৪০ ঘণ্টীয়া ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ বলি অভিনেতা তথা জনপ্ৰিয় ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ অংকুশ বহুগুণা। তেওঁ কয় যে তেওঁ মানসিকভাৱে ভাঙি গৈছে। সমগ্ৰ অভিজ্ঞতাৰ এটা ভিডিঅ তেওঁ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এই ভিডিঅটো সজাগতাৰ বাবে কৰা হৈছে বুলিও তেওঁ কয়।

অভিনেতাজনক কেৱল এঘণ্টা বা দুঘণ্টা নহয়, ৪০ ঘণ্টাৰ বাবে ডিজিটেলভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল। ভিডিঅটোত কয় যে তেওঁৰ প্ৰথমে ফোন আহিছিল। তেওঁক কয় যে, পাৰ্চেল এটা আছে, কুৰিয়াৰ বাতিল কৰা হৈছে। সহায়ৰ বাবে শূন্য টিপক। প্ৰথম ভুলটো আছিল শূন্য টিপি দিয়া, কাৰণ তেওঁ জানিছিল যে তেওঁ কোনো পাৰ্চেল অৰ্ডাৰ কৰা নাই। ই আছিল অটো জেনেৰেটেড কল।

অভিনেতাজনে কয় যে, তাৰ পিছত তেওঁৰ ফোনটো কাষ্টমাৰ কেয়াৰলৈ স্থানান্তৰ কৰা হয়। আনহাতে বিপৰীত পক্ষৰ ব্যক্তিজনে অংকুশ নামৰ কুৰিয়াৰ চীনলৈ গৈ আছে বুলি কয়, যিটো আৰক্ষীয়ে ধৰে। পাৰ্চেলত বহু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। যিকোনো মুহূৰ্ততে অভিনেতাক গ্ৰেপ্তাৰ কৰিব পাৰিব। ভয়তে তেওঁ নিজকে নিৰ্দোষী বুলি কলে। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ গৈ ৪০ ঘণ্টা ধৰি আটক কৰি ৰাখিছিল তেওঁক।

অভিজ্ঞতাৰ কথা কওঁতে তেওঁৰ মুখত ভয় আৰু আতংকৰ ছাপ স্পষ্ট হৈ পৰে। তেওঁ কয়, ‘আন্তঃৰাষ্ট্ৰীয় মহলৰ সৈতে জড়িত বুলি কোৱা হয়। মোৰ নামত একাধিক অপৰাধজনিত অভিলেখ আছে বুলিও কলে। সহায় বিচাৰিলে মুম্বাই আৰক্ষী (ভুৱা পুলিচ)ৰ লগত যোগাযোগ কৰে। এই ভিডিঅ কলটো ভুৱা আৰক্ষীয়ে কৰে। তেওঁলোকৰ হাতত আছিল আৰক্ষীৰ ইউনিফৰ্ম। মোক কোৱা হল যে কোঠাটোৰ সকলো গেজেট বন্ধ কৰি দিব আৰু বাহিৰৰ কাৰো লগত যোগাযোগ নকৰিব। যোগাযোগ কৰিলে গ্ৰেপ্তাৰ কৰাটো অনিবাৰ্য।

ভয়ত অভিনেতাজনে কাৰো লগত যোগাযোগো কৰা নাছিল। ৪০ ঘণ্টা ধৰি তেওঁ লুকাই থাকিল। লগতে সকলো তথ্য প্ৰৱঞ্চকক দিছিল বুলিও তেওঁ কয়। প্ৰতাৰকসকলে অংকুশক জনাইছিল যে তেওঁৰ ঘৰৰ তলত আৰক্ষী মোতায়েন কৰা হৈছে। ওলাই আহিলেই আটক কৰা হ’ব বুলি ভাবুকি দিয়া হৈছিল।

উল্লেখ্য যে, ডিজিটেল জগতত ডিজিটেল গ্ৰেপ্তাৰ এক অতি সাধাৰণ শব্দ। প্ৰতিদিনে দেশৰ কৰবাত কিছুমান মানুহক প্ৰতাৰণা কৰা হৈছে। কিছুদিন আগতে বংগৰ নাদিয়াত এজন বৃদ্ধই ১ কোটি টকা নিছিল। তাৰ আগতে এই দেশত এনে বহু ঘটনা সংঘটিত হৈ আছে।