NORTHEAST NOW (Assamese)
Popular Stories

৬০ টকা দামত পিঁয়াজ বিক্ৰী কৰি জৰিমনা ভৰিলে ৮৬০০০ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2019 6:14 pm
৬০ টকা দামত পিঁয়াজ বিক্ৰী কৰি জৰিমনা ভৰিলে ৮৬০০০ টকা

তিনিজনকৈ দোকানীয়ে ৬০ টকা প্ৰতি কেজি দৰত পিঁয়াজ বিক্ৰী কৰি জৰিমনা ভৰিব লগীয়া হয় ৮৬ হাজাৰ টকা। জিলা দণ্ডধীশে অত্যধিক দামত পিঁয়াজ বিক্ৰীৰ কৰাৰ বাবে দুয়োজন দোকানীকে এই জৰিমনা বিহে।

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ নইদাত। উল্লেখযোগ্য যে বৰ্তমান পিঁয়াজৰ আকাশলংঘী মূল্যই সাধাৰণ জনসাধাৰণক মাধমাৰ সোধাইছে। ইতিমধ্যে হাফ চেঞ্চুৰী অতিক্ৰম কৰা পিঁয়াজে শতক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে।

এই সময়তে উত্তৰ প্ৰদেশৰ চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্যৰ কথা মন কৰি বিভিন্ন ঠাইত ‘পিঁয়াজ বিক্ৰী কেন্দ্ৰ’ খুলিছে।

তাৰোপৰি ৰাজ্যখনৰ প্ৰশাসনে অধিক দামত পিঁয়াজ বিক্ৰীৰ কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধেও এক অভিযাল চলাবলৈ আৰম্ভ কৰে।

জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে ব্যৱসীয়াসকলে পাইকাৰী দামতকৈ মাত্ৰ পাচ শতাংশ অধিক দৰতহে বজাৰত পিয়াঁজ বিক্ৰী কৰিব পাৰিব।