NORTHEAST NOW (Assamese)
অসম

CAAৰ অধীনত আবেদনৰ ৰেকৰ্ড ৰখাৰ কোনো ব্যৱস্থা নাই; জনাইছে গৃহ মন্ত্ৰালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2024 2:27 pm

তথ্যৰ জনাৰ অধিকাৰ (আৰ টি আই)ৰ আবেদনৰ উত্তৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ আৰু ১১ মাৰ্চত অধিসূচনা কৰা ইয়াৰ নিয়মৰ অধীনত অনলাইনযোগে দাখিল কৰা নাগৰিকত্বৰ আবেদনৰ ৰেকৰ্ড ৰখাৰ কোনো ব্যৱস্থা নাই।

বঙালীৰ অধিকাৰৰ বাবে কাম কৰা বুলি দাবী কৰা বাংলা পক্ষ নামৰ সংস্থাটোৱে দাখিল কৰা আৰ টি আই আবেদনত CAA নিয়মৰ অধিসূচনা জাৰি কৰাৰ দুদিন পিছৰ অৰ্থাৎ ১২ আৰু ১৩ মাৰ্চত গৃহ মন্ত্ৰালয়ে প্ৰদান কৰা ৱেবছাইটৰ জৰিয়তে নাগৰিকত্বৰ বাবে আৱেদন কৰা লোকৰ সংখ্যাৰ তথ্য বিচাৰিছিল।

লগতে পঢ়কঃ নিৰ্বাচনী আচৰণবিধি উলংঘা; ‘এক্স’ৰ পৰা আঁতৰিল বিজেপিসহ চাৰি দলৰ পোষ্ট, বাক্‌স্বাধীনতাৰ পক্ষত এক্স

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক উত্তৰত (F No 26027/94/2024-IC-I, dated April 15, 2024) উল্লেখ কৰিছে, “… যে তথ্যসমূহ আপোনালোকে বিচৰা ধৰণে ৰখা হোৱা নাই কাৰণ নাগৰিকত্ব আইন, ১৯৫৫ তথা নাগৰিকত্ব ( সংশোধনী) আইন, ২০১৯ আৰু ইয়াৰ অধীনত কৰা নিয়মত লাভ কৰা নাগৰিকত্ব আবেদনৰ ৰেকৰ্ড ৰখাৰ ব্যৱস্থা নাই।”

“তদুপৰি আৰ টি আই আইন ২০০৫ অনুসৰি চি পি আই অ’ৰ তথ্য সৃষ্টিৰ বাবে অনুমোদিত নহয়। সেয়েহে বিচৰা তথ্য শূন্য হিচাপে গণ্য কৰা হ’ব পাৰে।’-উত্তৰত এইদৰে কোৱা হৈছে।

গৃহ মন্ত্ৰালয়ৰ বিদেশী সংমণ্ডল (নাগৰিকত্ব শাখা)ৰ দ্বাৰা প্ৰদান কৰা উত্তৰৰ প্ৰতিলিপি এটা সংবাদ সংস্থা পিটিআইৰ হাতত আছে।

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ড বৃহত্তম কেলেংকাৰী, প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী: আক্ৰমণ ৰাহুলৰ

বিতৰ্কিত CAA — যিয়ে ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অমুছলমান সংখ্যালঘু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে  সেয়া পশ্চিম বংগৰ কিছু অংশ আৰু অসমতকে ধৰি উত্তৰ-পূবৰ আন কেইবাখনো ৰাজ্যত প্ৰধান নিৰ্বাচনী বিষয় হৈ পৰিছে।