• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী বণ্ড বৃহত্তম কেলেংকাৰী, প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মুৰব্বী: আক্ৰমণ ৰাহুলৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 17, 2024 12:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী বণ্ডক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাহুল গান্ধীয়ে। দুদিন পূৰ্বে এটা সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে নিৰ্বাচনী বণ্ড বাতিলৰ বাবে সকলো দলে পস্তাৱ লাগিব।

বুধবাৰে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি পুনৰ মুখ খুলে ৰাহুলে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী পৰকলা প্ৰভাকৰৰ কথাৰ সুৰতে সুৰ মিলাই ৰাহুলে বুধবাৰে লক্ষ্ণৌত এখন সংবাদমেলত কয় যে উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰিছে। আচলতে সেই বণ্ডেই আছিল বিশ্বৰ আটাইতকৈ বৃহত্তম কেলেংকাৰী। আৰু নিৰ্বাচনী বণ্ডত ধন উজাৰি দিয়া দেশবাসী আৰু ব্যৱসায়ীসকলে উপলব্ধি কৰিছে যে প্ৰধানমন্ত্ৰী হৈছে দুৰ্নীতিগ্ৰস্তসকলৰ মূৰব্বী।

পৰকলাই মন্তব্য কৰিছিল যে নিৰ্বাচনী বণ্ড হৈছে বিশ্বৰ সৰ্ববৃহৎ সংগঠিত দুৰ্নীতি চক্ৰ। ইয়াৰ পূৰ্বেও মোডী চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বিৰোধিতা কৰিছিল নিৰ্মলা সীতাৰমনৰ স্বামীয়ে। বিত্তমন্ত্ৰী পত্নী নিৰ্মলাই সংসদত, সংসদৰ বাহিৰত বিমুদ্ৰাকৰণ, জি এছ টি প্ৰৱৰ্তন আৰু মোডী যুগত অৰ্থনৈতিক সংস্কাৰৰ পোষকতা কৰাৰ বিপৰীতে স্বামী পৰকলাই এটাৰ পিছত এটা নিবন্ধত বিপৰীত ছবি তুলি ধৰিছে।

Apply Now

লগতে পঢ়কঃ DD News: সকলোৰে অজানিতে নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল দূৰদৰ্শন!

বুধবাৰে ৰাহুলৰ কথাত পৰকলাৰ কথাৰ সুৰ প্ৰতিধ্বনিত হৈছে। বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে সাংবাদিকক সম্বোধন কৰে। বহু দিনৰ মূৰত উত্তৰ প্ৰদেশৰ আসনৰ ক্ষেত্ৰত দুয়োটা দলৰ মাজত সহমতত উপনীত হৈছে। কংগ্ৰেছে ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। যৌথ প্ৰচাৰো চলি আছে। উত্তৰ প্ৰদেশৰ পৰা কৰ্ণাটকলৈ যাব ৰাহুল। আনহাতে, ভগ্নী প্ৰিয়ংকাই শ্বাহৰণপুৰত ৰোড শ্ব’ আৰু মিটিং অনুষ্ঠিত কৰিব।

বুধবাৰে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ৰাহুলে কয়, ‘আপুনি কথাই কথাই স্বচ্ছতাৰ কথা কয়। যদি আপোনাৰ সাহস আছে কোন কোম্পানীয়ে বিজেপিক ইলেক্টৰেল বণ্ডত টকা দিছিল আৰু বিনিময়ত চৰকাৰী আৱন্টন পাইছিল বা ইডি-চিবিআইৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছিল সেই তাৰিখবোৰ প্ৰকাশ কৰক। এই সকলোবোৰ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতাজনে প্ৰধানমন্ত্ৰীক দুৰ্নীতিগ্ৰস্তৰ মুৰব্বী বুলি অভিহিত কৰে।

কংগ্ৰেছৰ প্ৰচাৰ অভিযানতো নিৰ্বাচনী বণ্ডে গুৰুত্ব পাইছে। সেই বণ্ডৰ আধাৰতেই কংগ্ৰেছে ‘চান্দা দো, ধান্দা লো’ পুৰণি শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিছে। বিৰোধী দলে সেই শ্লোগান ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে যে বহু কোম্পানীয়ে বণ্ডৰ জৰিয়তে বিজেপিক ধন দি চৰকাৰী আৱন্টন লাভ কৰিছে।

লগতে পঢ়কঃ ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত শীৰ্ষ নেতাকে ধৰি নিহত ২৯ জন মাওবাদী

উল্লেখ্য যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে জমা হোৱা ধনৰ প্ৰায় পঞ্চাশ শতাংশ বিজেপিয়ে লাভ কৰিছে। দ্বিতীয় স্থানত আছে তৃণমূল। তৃতীয় স্থানত আছে কংগ্ৰেছ। প্ৰধান ৰাজনৈতিক দলসমূহৰ ভিতৰত চিপিএম আৰু চিপিআইয়ে ইতিমধ্যে ঘোষণা কৰিছিল যে তেওঁলোকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন গ্ৰহণ নকৰে। আনহাতে, বণ্ড বাতিলৰ গোচৰত চিপিএম আছিল অন্যতম আবেদনকাৰী।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd