NORTHEAST NOW (Assamese)
দেশ

হাৰিয়ানাৰ ৬৩ শতাংশ জনসংখ্যা ‘দৰিদ্ৰ সীমাৰেখাৰ তলত’! বিশেষজ্ঞই প্ৰকাশ কৰিলে দ্বি-মত

April 17, 2024 7:41 pm

পৰিয়াল পৰিচয় পত্ৰ (পিপিপি)ৰ তথ্য অনুসৰি হাৰিয়ানাৰ প্ৰায় ৬৩ শতাংশ জনসংখ্যা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এই তথ্যক সমৰ্থন কৰাৰ বিপৰীতে বিশেষজ্ঞসকলে চৰকাৰী সুবিধা লাভ কৰাৰ অভিযোগত এই তালিকাত অন্তৰ্ভুক্ত হ’ব পৰা ভুৱা বিপিএল কাৰ্ডধাৰীক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি মুঠ ২.৮৬ কোটি জনসংখ্যা থকা ৰাজ্য হাৰিয়ানাত ৪৪,৯০,০১৭ বিপিএল কাৰ্ড (পৰিয়াল) আছে আৰু ১,৮০,৯৩,৪৭৫ জন ব্যক্তি বিপিএল শিতানত আছে।

বিষয়াসকলে জনোৱা মতে, পিপিপি বা ফেমিলি আইডিত ঘোষণা কৰা আয়ৰ পৰীক্ষণৰ পাছত মানুহক বিপিএলৰ মৰ্যাদা দিয়া হয়। অৱশ্যে ট্ৰিবিউনৰ তথ্য অনুসৰি চৰকাৰী সূত্ৰ, ৰেচন বিতৰণ কেন্দ্ৰ আৰু সমাজবিজ্ঞানীসকলে বিপিএল কাৰ্ড লাভৰ বাবে ৰাইজে নিজেই দিয়া তথ্যৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ কাকতৰ প্ৰতিবেদন অনুসৰি ৰেচন বিতৰকসকলে কয় যে তেওঁলোকে উচ্চ মধ্যবিত্ত শ্ৰেণীৰ ধনী পৰিয়ালক চিনি পায় যিয়ে বিপিএল কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।

আন এজন বিতৰকৰ মতে, ‘নগৰ অঞ্চলতো পৰিস্থিতি একেই। পৰিয়ালৰ ভাল উপাৰ্জনৰ পৰছতো মানুহে বিপিএল শিতানত অহাৰ উপায় বিচাৰি পাইছে। কিছুমান পৰিয়ালে সুকীয়াকৈ কাৰ্ড বনাইছে যাতে বিপিএলৰ উপাৰ্জন সীমা উলংঘা নহয় আৰু তেওঁলোকে সুবিধা লাভ কৰে।

প্ৰতিবেদন অনুসৰি, বিপিএলৰ সৰ্বাধিক পৰিয়াল থকা তালিকাৰ শীৰ্ষত আছে ফৰিদাবাদ। ইয়াৰ পাছত মেৱাট, হিছাৰ আৰু কৰ্ণাল আছে। অৱশ্যে প্রতিবেদনত হিছাৰ আৰু কর্নাল ৰাজ্যৰ সমৃদ্ধিশালী জিলাৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে৷

সমাজবিজ্ঞানী জিতেন্দ্ৰ প্ৰসাদে কয় যে এই তথ্য সংকলনৰ দায়িত্বত থকা সংস্থাসমূহে ইয়াক পৰীক্ষা কৰাত ব্যৰ্থ হৈছে।

উল্লেখ্য যে,মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ২০২১ চনত বিপিএল কাৰ্ডৰ বাবে অৰ্হতা লাভৰ বাবে অৰ্থনৈতিক মাপকাঠীৰ সীমা ১.২ লাখৰ পৰা ১.৮ লাখ টকালৈ বৃদ্ধি কৰিছিল। যোৱা বছৰৰ অক্টোবৰ মাহত তেওঁ ঘোষণা কৰিছিল যে ১২ হাজাৰ টকাৰ ওপৰত বিদ্যুৎ বিল থকা পৰিয়ালে বিপিএলৰ সুবিধা লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব।

মন কৰিবলগীয়া যে ‘পৰিৱাৰ পেহচান পত্ৰ’ত আয়ৰ চৰ্ত আছিল যে যিকোনো ব্যক্তিৰ বিদ্যুতৰ বিল ১২ হাজাৰতকৈ অধিক হ’লে বাৰ্ষিক ১.৮০ লাখ টকা বা তাতকৈ অধিক আয়ৰ লোকৰ সৈতে একেখন তালিকাতে গণ্য কৰা হ’ব।

ইপিনে ইকনমিক টাইমছে খট্টৰৰ উদ্ধৃতি দি কয় যে এতিয়া এই ফলকখন আঁতৰাই দিয়া হৈছে, যাৰ বাবে বিদ্যুতৰ বিলৰ বিষয়টো আঁতৰাই দিয়া হৈছে।