NORTHEAST NOW (Assamese)
অসম

অসুস্থ ৰাহুল গান্ধী, আজি ৰাঁচীৰ ‘ইণ্ডিয়া’ৰ সমাৱেশত উপস্থিত নাথাকিব কংগ্ৰেছ নেতাগৰাকী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 22, 2024 8:19 am

হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসুস্থতাৰ বাবে দেওবাৰে ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া “ইণ্ডিয়া”ৰ সমাৱেশত অংশগ্ৰহণ কৰিব নোৱাৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্স হেণ্ডেলত ৰাহুল গান্ধীৰ অসুস্থতাৰ কথা সদৰী কৰিছে।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে দেওবাৰে ৰাঁচীত “ইণ্ডিয়া” মিত্ৰজোঁটৰ বিশাল সমাৱেশৰ আয়োজন কৰা হৈছে। নিৰ্বাচনৰ ঠিক আগতে হেমন্ত ছোৰেন, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদতে আহ্বান জনোৱা হৈছে বিৰোধী সমাৱেশৰ।

লগতে পঢ়কঃ ইতিহাস! দবাত কনিষ্ঠতম খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বানৰ যোগ্যতা অৰ্জন ১৭ বছৰীয়া ভাৰতীয় গুকেশৰ

মিত্ৰজোঁটৰ নেতাসকলৰ উপৰিও এই সমাৱেশত উপস্থিত থাকিব অৰৱিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল আৰু হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেন।

দেওবাৰৰ এই ৰেলীত ৰাহুল গান্ধীয়েও অংশগ্ৰহণ কৰাৰ কথা আছিল। কিন্তু অসুস্থতাৰ বাবে তেওঁ এতিয়া দিল্লী এৰি যাব নোৱাৰিব।

জয়ৰাম ৰমেশে কয় যে ৰাহুল সাতনাৰ আৰু ৰাঁচীত ‘ইণ্ডিয়া’ৰ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ সাজু আছিল। কিন্তু অসুস্থতাৰ বাবে তেওঁ দিল্লীৰ বাহিৰলৈ যাব পৰা নাই। অৱশ্যে আজিৰ এই সমাৱেশত অংশগ্ৰহণ কৰিব কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।