NORTHEAST NOW (Assamese)
অসম

অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব খোজা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম নাগৰিক সমাজৰ ৰাজহুৱা সভা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 23, 2024 4:56 pm

 কুখ্যাত CAA(কা) আইনখন  বলবৎ কৰি কেন্দ্ৰৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ ওপৰত বিদেশী অনুপ্ৰৱেশকাৰীৰ বোজা জাপি দিয়াৰ ব্লুপ্ৰিণ্ট সম্পূৰ্ণ কৰি পেলাইছে। এই ষড়যন্ত্ৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শেহতীয়া সংবাদমেলৰ বক্তব্যত পোহৰলৈ আহিছে। তেওঁ কোনো লুক-ঢাক নকৰাকৈ কৈছে যে অৰুণাচল প্ৰদেশত আশ্ৰয় লৈ থকা লাখ লাখ চাকমা, হাজং আদি বাংলাদেশ মূলৰ শৰণাৰ্থীক কোনো মূল্যৰ বিনিময়ত তাত নাগৰিকত্ব দিয়া নহ’ব, বৰং তেনে লাখ লাখ  শৰণাৰ্থীৰ  সংস্থাপনৰ ব্যৱস্থা কৰিব অসমত। এনে ষড়যন্ত্ৰৰ আঁচনি ৰূপায়িত  হ’বলৈ গৈ আছে ভাৰতৰ গৃহমন্ত্ৰীৰ প্ৰৰোচনাত আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত। 

চৰকাৰৰ এই ষড়যন্ত্ৰক তীব্ৰ বিৰোধিতা কৰিছে অসম নাগৰিক সমাজ, তিনিচুকীয়াই। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজক সংগঠিত  কৰি ইয়াৰ প্ৰতিৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে।

এই পৰিপ্ৰেক্ষিতত  অহা ২৪ এপ্ৰিল বৃহস্পতিবাৰে তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰস্থিত বিষ্ণুজ্যোতি সমাজৰ সভাগৃহত এখন ৰাজহুৱা সভা আহ্বান কৰিছে অসম নাগৰিক সমাজে। 

বিয়লি ৪ বজাত অনুষ্ঠিত হ’ব লগা উক্ত  সভালৈ অসম নাগৰিক সমাজৰ হৈ ৰাণা চাংমাই

আৰু বাকিম চন্দ্ৰ গগৈ সকলো সচেতন ৰাইজক আমন্ত্ৰণ জনাইছে।