NORTHEAST NOW (Assamese)
অসম

নগাঁৱত পথৰ দুৰৱস্থাৰ স্বৰূপ : শীঘ্ৰে মেৰামতিৰ দাবী অঞ্চলবাসীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 1:19 pm
Road

নগাঁৱৰ লক্ষ্মীনগৰ চাৰিআলিৰ পৰা ভূঁঞাপটিৰ কৱৰস্থানলৈ অহাযোৱা কৰাৰ মূল পথটো শোচনীয় হৈ পৰা সত্ত্বেও কাণসাৰ নাই চৰকাৰৰ। পথটোৰ মেৰামতিৰ কাম ২০১৮ চনৰ অক্টোবৰ মাহতে আৰম্ভ কৰিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই অলপ কাম কৰিয়ে তাক আধা কৰা অৱস্থাত পেলাই থয়।

যিখিনি কাম হৈছে সেইখিনিৰো মান অতি নিম্ন। ফলত শোচনীয় ৰূপ পাইছে পথছোৱাই। বিভাগৰ হেমাহিৰ বাবে মাত্ৰ ৭৪০ মিটাৰ দৈৰ্ঘৰ পথছোৱাত এতিয়া বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বোকাময় হৈ পৰিছে।

বিয়াগোম গড়কাপ্তানী বিভাগৰ এনে কাৰ্যত অতিষ্ঠ হৈ পৰা স্থানীয় লোকসকলে শীঘ্ৰে পথছোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৫০ৰো অধিক লোক স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

পত্ৰৰ জৰিয়তে ৰাস্তাটোৰ নিৰ্মাণত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।

উল্লেখ্য যে পথছোৱা মেৰামতিৰ কাৰণে দীৰ্ঘ দিনৰ পৰা দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই বুলিও অভিযোগ উত্থাপন হৈছে।