NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছতকৈয়ো জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ প্ৰতি ভয়াবহ : ৰেডক্ৰছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 6:25 pm

জলবায়ু পৰিবৰ্তনক ক’ৰ’না ভাইৰাছতকৈয়ো অধিক ভয়াবহ আখ্যা দিছে ৰেডক্ৰছে।

‘‘ক’ৰ’না ভাইৰাছতকৈয়ো জলবায়ু পৰিবৰ্তনে মানৱ সভ্যতাৰ বাবে অধিক ভাবুকি কঢ়িয়াই আনিছে, বিশ্বই তাৎক্ষণিকভাৱে জলবায়ু পৰিবৰ্তনৰ প্ৰতি সহাৰী দি ইয়াৰ বাবে কাম কৰিব লাগে,’’ এক প্ৰেছ বিজ্ঞপ্তিত ৰেডক্ৰছে এইদৰে উল্লেখ কৰে।

বিজ্ঞপ্তিটোত ৰেডক্ৰছে জলবায়ু পৰিৱৰ্তনৰ ফলত মধ্যমীয়া আৰু দীঘলীয়া ধৰণৰ প্ৰভাৱ পৃথিৱীৰ ওপৰত পৰিছে বুলিও উল্লেখ কৰি ইয়াৰ ফলত পৃথিৱীত বাস কৰি অহা মানুহ আৰু অন্যান্য জীৱ-জন্তু ক্ষতিগ্ৰস্ত হ’ব বুলি কয়।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত জলায়ু পৰিৱৰ্তনক যিধৰণে গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে এতিয়াও গ্ৰহণ কৰা দেখা যোৱা নায়।

জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ বাবে গঠন হোৱা পেৰিছ জলবায়ু চুক্তিত বিভিন্ন দেশে স্বাক্ষৰ কৰিলেও সেই দেশ সমূহৰ ৰাজনৈতিক নেতৃত্বই জলবায়ুৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণত ব্যৰ্থ হৈছে।