NORTHEAST NOW (Assamese)
দেশ

ছুপ্ৰীম কোৰ্টৰ ধমকিত গা লৰিল পতঞ্জলিৰ; দ্বিতীয়বাৰৰ বাবে ডাঙৰ আকাৰত ছপা কৰিলে ক্ষমাপত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2024 4:20 pm

বুধবাৰে পতঞ্জলিৰ হৈ ৰামদেৱ আৰু বালাকৃষ্ণই ছপা কৰা ক্ষমাপ্ৰাৰ্থনা পত্ৰখন কাকতৰ পৃষ্ঠাৰ এক চতুৰ্থাংশত প্ৰকাশ পাইছে। মঙলবাৰে পতঞ্জলিয়েও এক ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰে। কিন্তু ইয়াৰ আকাৰ ইমানেই সৰু আছিল যে ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

উল্লেখ্য যে ২০২০ চনৰ ২৩ জুনত পতঞ্জলিয়ে প্ৰথমবাৰৰ বাবে মুকলি কৰে ক’ৰ’নিল কিট। ‘ক’ৰ’নিল’ আৰু ‘শ্বাহৰী বট্টি’ নামৰ দুবিধ টেবলেট আৰু ‘অনু অইল’ নামৰ ২০ মিলিলিটাৰৰ এটা তেলৰ বটলৰে গঠিত এই কিটটোৰ মূল্য আছিল ৫৪৫ টকা। ইচ্ছা কৰিলে টেবলেট আৰু তেল পৃথকে পৃথকে কিনিব পাৰিব বুলিও জনোৱা হয়। ইয়াৰ পাছত ১৮ অক্টোবৰ পৰ্যন্ত মুঠ ২৩ লাখ ৫৪ হাজাৰ ক’ৰ’নিল কিট বিক্ৰী কৰা হৈছে বুলি পতঞ্জলিয়ে প্ৰকাশ কৰিছে।

এই বিজ্ঞাপনত আপত্তি কৰি আই এম এয়ে পতঞ্জলিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড প্ৰতিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু ভুৱা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল।