NORTHEAST NOW (Assamese)
অসম

মেট্ৰিকৰ ফলাফলত তিনিটাকৈ স্থান, গুৱাহাটীৰ ছেণ্ট মেৰিজত উলাহ ছাত্ৰীৰ।।Video।।

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 15, 2019 5:21 pm
Assam HSLC result: Guwahati St Marry's shines with three rank holders

বুধবাৰে ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ ছেণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তিনিটাকৈ স্থান দখলেৰে উজলিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ প্ৰত্যাশা মেধিয়ে সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। লগতে তৃতীয় স্থান দখল কৰা অনুশ্ৰী ভুঞাই ৫৯২ নম্বৰ আৰু চতুৰ্থ স্থান দখল কৰা কৃষ্টি শইকীয়াই ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

তিনিওগৰাকী ছাত্ৰীৰ সাফল্যত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰীসকলো ব্যাপকভাৱে উৎসাহিত হোৱা পৰিলক্ষিত হৈছে।

দ্বিতীয়স্থান দখল কৰি উৎফুল্ল প্ৰত্যাশাই নৰ্থ ইষ্ট নাওৰ আগত কয় ‘মোৰ এই সাফল্যৰ পাছত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। প্ৰথমতে মই ভগৱানক ধন্যবাদ জনাব বিচাৰিছো। ইয়াৰোপৰি মোৰ মা-দেউতা আৰু শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। তেওঁলোকে মোক বহুখিনি সহায় কৰিছে।‘

ইয়াৰোপৰি নিজৰ ভৱিষ্যত লক্ষ্যৰ ওপৰত মন্তব্য কৰি প্ৰত্যাশাই কয় ‘এগৰাকী ভাল চিকিৎসক হ’বলৈ বিচাৰো। মোৰ লক্ষ্যত উপনীত হ’বলৈ যিমান পাৰো চেষ্টা কৰিম।‘

প্ৰত্যাশাই মুঠ ৯৮.৮৩ শতাংশ লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে, উক্ত বিদ্যালয়ৰ পৰা তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুশ্ৰী ভুঞাই কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰিব বুলিও আমাৰ সাংবাদিকৰ আগত কয়। লগতে মে’ডিকেল এন্ট্ৰেন্স দিবৰ বাবেও চেষ্টা কৰিব বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰোপৰি, মুঠ ৯৮.৩ শতাংশৰে চতুৰ্থ স্থান দখল কৰা উৎফুল্লিত কৃষ্টিৰ ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হ’বলৈ ইচ্ছা।