NORTHEAST NOW (Assamese)
অসম

গ্ৰেপ্তাৰ হ’ব পাৰে ছেবাৰ ঘোষণাৰ পূৰ্বে ছ’চিয়েল মিডিয়াত মেট্ৰিকৰ ৰিজাল্ট ভাইৰেল কৰা সকল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2019 5:14 pm
Education minister of Assam

ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে যিসকল লোকে ছ’চিয়েল মিডিয়া যোগে পৰীক্ষাৰ ফলাফল ভাইৰেল কৰিছিল তেনে লোকৰ বিৰুদ্ধে কঠোৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।

উল্লখযোগ্য যে, আজি ৰাতিপুৱা ৯ বজাত ছেবাই ফলাফল ঘোষণা কৰাৰ পূৰ্বে কিছু দুষ্ট চক্ৰই ১৪ মে’ৰ নিশা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষৰ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ তালিকা ছ’চিয়েল মিডিয়া যেনে হোৱাটছএপ আৰু ফেইচবুক যোগে ভাইৰেল কৰিছিল।

আজি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ছ’চিয়েল মিডিয়া যোগে ভূৱা ফলাফল প্ৰকাশ কৰা লোকসকলৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হংকাৰ দিছে।

আনহাতে, সমগ্ৰ বিষয়টো ৰাজ্যৰ শিক্ষা বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ছেবাৰ অধ্যক্ষই মহানগৰ আৰক্ষী আযুক্তলৈ পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদমেলত মত প্ৰকাশ কৰে।