NORTHEAST NOW (Assamese)
অসম

চামগুৰিত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই ভ্ৰাতৃ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা May 15, 2019 5:04 pm

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিস্থিত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আজি দিনৰ প্ৰায় ১১বজাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত দুৰ্ঘটনাত ভৰি ভঙা দুই ভাই-ককায়েকক নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চলচলি ভকত গাঁৱৰ নিৱাসী আলাল উদ্দিন (৩২) আৰু ইমৰান হুছেইন (২৫)ক চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিজা ঘৰৰ পৰা চামগুৰি সাপ্তাহিক বজাৰস্থিত এন আৰ চি কেন্দ্ৰ লৈ হিয়েৰিঙৰ বাবে এ এছ ০২ এছ ৫৯৩৪ নম্বৰৰ বাইকেৰে কলিয়াবৰ আহি থকা অৱস্থাতে যুৱক দুজনক বিপৰীত দিশৰ পৰা নগাঁও অভিমুখে আহি থকা তীব্ৰ বেগি এ এছ ০৬ জি ২৮২১নম্বৰৰ এখন ইণ্ডিকা গাড়ীয়ে খুন্দা মাৰি কাষৰ খাৱৈত বাগৰি পৰে। আৰক্ষীয়ে ইতিমধ্যে ইণ্ডিকাখনৰ চালক গৰাকীক আটক কৰিছে বুলি জানিবলৈ দিয়ে।