NORTHEAST NOW (Assamese)
অসম

ললিত মোডী-বিজয় মালিয়াৰ বিপদঘন্টা! দুয়োকে ঘূৰাই অনাৰ সন্দৰ্ভত কি ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2025 11:54 am

পলাতক ললিত মোডী আৰু বিজয় মালিয়াই লণ্ডনত পাৰ্টি কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে চৰকাৰে ললিত মোডী আৰু বিজয় মালিয়াক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি স্পষ্টভাৱে প্ৰকাশ কৰে।

ভাইৰেল ভিডিঅ’ প্ৰকাশ পোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতে এই বক্তব্য প্ৰকাশ কৰিছে য’ত দুয়োজনে ভাৰতক উপহাস কৰিছিল আৰু নিজকে “সকলোতকৈ ডাঙৰ পলাতক” বুলি অভিহিত কৰিছিল। আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে পোষ্ট কৰা ভিডিঅ’টোত তেওঁৰ জন্মদিনৰ পাৰ্টিত বিজয় মালিয়াৰ সৈতে পোজ দি ঠাট্টা-মস্কৰা কৰা দেখা গৈছে।

ভিডিঅ’টো আৰু পলাতকসকলৰ মন্তব্যৰ বিষয়ে সোধাত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁলোকৰ প্ৰত্যাৰ্পণত পলম হোৱাৰ কাৰণ বিভিন্ন দেশৰ জটিল আইনী পদ্ধতি। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে উল্লেখ কৰে যে ভাৰত সংশ্লিষ্ট দেশসমূহৰ সৈতে অহৰহ যোগাযোগত আছে আৰু তেওঁলোকক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে। তেওঁ কয় যে এনে গোচৰত আইনী প্ৰক্ৰিয়াৰ একাধিক স্তৰ জড়িত হৈ থাকে, যাৰ বাবে সময় লাগে, কিন্তু চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে।

ভিডিঅ’টোত ললিত মোদীয়ে কোৱা শুনা গৈছে যে ‘আমি দুই পলাতক, ভাৰতৰ আটাইতকৈ ডাঙৰ পলাতক’, যিটো শুনি মালিয়াই হাঁহি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপচনেও যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল, য’ত লিখা আছিল, “ইণ্টাৰনেটক পুনৰ ডাউন কৰিবলৈ কিবা এটা কৰি আছো”।

২০১৯ চনৰ জানুৱাৰী মাহত পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰা বিজয় মালিয়াক তেওঁৰ সংগী পিংকি লালৱানীৰ সৈতে এই ভিডিঅ’টোত দেখা গৈছে। পিংকি লালৱানী কিংফিচাৰ এয়াৰলাইন্সৰ প্ৰাক্তন এয়াৰ হোষ্টেছ। ইয়াৰ পূৰ্বেও দুবাৰকৈ বিবাহপাশত আবদ্ধ হোৱা মালিয়াৰ প্ৰথম পত্নীৰ পৰা সিদ্ধাৰ্থ মালিয়া নামৰ এজন পুত্ৰ সন্তান আছে।

ললিত মোডী আৰু বিজয় মালিয়াক ভাৰতলৈ আনিবলৈ চৰকাৰে দীৰ্ঘদিন ধৰি চেষ্টা চলাই অহাৰ সময়তে ছ’চিয়েল মিডিয়াত বহু লোকে এই ভিডিঅ’টোক চৰকাৰক প্ৰকাশ্য উপহাস বুলি অভিহিত কৰিছে। ২০১০ চনত ললিত মোদীয়ে ভাৰত এৰি যোৱাৰ বিপৰীতে ২০১৬ চনত বিজয় মালিয়াই দেশ এৰি পলায়ন কৰে।

এই ভিডিঅ’টোৱে অনলাইনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এক্সত এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে এইটো কোনো ধেমালি নহয়, বৰঞ্চ ভাৰত চৰকাৰক প্ৰকাশ্য অপমানহে। বিদেশত বহি যেতিয়া অৰ্থনৈতিক অপৰাধীয়ে মুক্তভাৱে হাঁহিব পাৰে আৰু ঠাট্টা-মস্কৰা কৰিব পাৰে, তেতিয়া ইয়াৰ দ্বাৰা আইন-শৃংখলা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ দুৰ্বলতা দেখা পোৱা যায়। ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে কয় যে চৰকাৰৰ মৌনতাই এক ভুল বাৰ্তা প্ৰেৰণ কৰে যে শক্তিশালী লোকে দেশৰ ক্ষতি কৰিব পাৰে আৰু নিৰ্ভয়ে পলায়ন কৰিব পাৰে।

এসময়ত “কিং অৱ গুড টাইমছ” নামেৰে পৰিচিত বিজয় মালিয়াই এতিয়া বন্ধ হৈ যোৱা কিংফিচাৰ এয়াৰলাইন্সৰ বাবে লোৱা ঋণৰ সৈতে জড়িত প্ৰৱঞ্চনা আৰু ধন সৰবৰাহৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। ভাৰতত তেওঁৰ বিৰুদ্ধে মুঠ প্ৰায় ৯ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈ আছে। বৰ্তমান জামিনত বাহিৰত থকা মালিয়াই যুক্তৰাজ্যত আশ্ৰয়ৰ বাবে আবেদন জনাইছে।

ইপিনে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ প্ৰতিষ্ঠাপক তথা প্ৰথম অধ্যক্ষ ললিত মোডীৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ প্ৰথম বছৰবোৰত আৰ্থিক অনিয়ম আৰু অপকৰ্মৰ অভিযোগ উত্থাপন হৈছে। ২০১৫ চনত তেওঁৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল।