NORTHEAST NOW (Assamese)
দেশ

“দুই মিনিটৰ যৌন সুখ‘’ – উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠক কিয় উভটি ধৰিলে উচ্চতম ন্যায়ালয়ে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 8, 2023 7:18 pm
“দুই মিনিটৰ যৌন সুখ‘’ – উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠক কিয় উভটি ধৰিলে উচ্চতম ন্যায়ালয়ে?

কলিকতা উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে কৰা এক পৰ্যবেক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে তীব্ৰ আপত্তি কৰিছে। 

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে ব্যক্তিগত মতামত দিয়াটো কেতিয়াও বাঞ্ছনীয় নহয়। এই পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ।

শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে কিশোৰ-কিশোৰীৰ যৌন প্ৰয়োজনীয়তা সন্দৰ্ভত দিয়া এক ৰায়ৰ পিছতে এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। 

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চিত্তৰঞ্জন দাস আৰু ন্যায়াধীশ পাৰ্থসাৰথি সেনৰ বিভাগীয় বিচাৰপীঠে এটা গোচৰ পৰ্যবেক্ষণ কৰি কিশোৰ-কিশোৰীসকলৰ যৌন হেঁপাহৰ ওপৰত নিয়ন্ত্ৰণ অনাৰ পৰামৰ্শ আগবঢ়ায়। 

“দুমিনিটৰ সন্তুষ্টি নহয়, কিন্তু যদি কোনোবাই নিজৰ শাৰীৰিক প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে তেওঁৰ মৰ্যাদা বৃদ্ধি পাব।” উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই মন্তব্য আপত্তিজনক। 

একে সময়তে উচ্চতম ন্যায়ালয়েও কয় যে এনে মন্তব্য সংবিধানৰ ২১ নং অনুচ্ছেদত উল্লেখ কৰা নাবালকসকলৰ অধিকাৰৰ বিৰোধী।

শুকুৰবাৰে ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ পংকজ মিঠালৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নিজাববীয়াকৈ এই গোচৰটো গ্ৰহণ কৰে। একে সময়তে উচ্চতম ন্যায়ালয়েও কয় যে ন্যায়াধীশসকলক এনে ব্যক্তিগত মন্তব্য আৰু ব্যক্তিগত পৰামৰ্শ দিয়াটো কেতিয়াও বাঞ্ছনীয় নহয়।