NORTHEAST NOW (Assamese)
দেশ

গ্ৰীষ্মপ্ৰৱাহৰ প্ৰকোপ! সভাৰ মাজতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2024 8:02 pm

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ যৱতমলত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণৰত অৱস্থাত অচেতন হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। সৌভাগ্যক্ৰমে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তৎকালীন চিকিৎসা লাভ কৰি কিছু সময়ৰ পাছত মঞ্চত উঠি নিজৰ ভাষণ আগবঢ়াই নিবলৈ সক্ষম হয়।ভাষণ সম্পূৰ্ণ কৰাৰ কিছু সময়ৰ পাছতে গাডকাৰীয়ে এক্স (পূৰ্বৰ টুইটাৰ)যোগে নিজৰ সুস্থিৰ অৱস্থাৰ কথা সকলোকে জ্ঞাত কৰে ৷

২০১৪ আৰু ২০১৯ চনত নাগপুৰৰ পৰা জয়লাভ কৰা গাডকাৰীয়ে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনাৰ ফৈদৰ ৰাজশ্ৰী পাটিলৰ হৈ প্ৰচাৰ চলাওতে এই অঘটন ঘটে৷