NORTHEAST NOW (Assamese)
দেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰা বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিস্কাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2024 8:25 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান বিদ্বেষী ভাষণৰ বিৰোধিতা কৰা বাবে ৰাজস্থানৰ বিজেপি নেতাক বহিস্কাৰ

দেওবাৰে ৰাজস্থানৰ বাঁশৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন্তব্যক লৈ ইতিমধ্যে দেশৰ ৰাজনীতিত বিতৰ্কৰ ধুমুহা সৃষ্টি হৈছে। ৰাজস্থানৰ বিজেপি সংখ্যালঘু মঞ্চৰ নেতা ওছমান গনিয়ে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক ‘অনিচ্ছাকৃত’ বুলি অভিহিত কৰে। আৰু সেই অপৰাধৰ বাবে বুধবাৰে বিজেপিয়ে তেওঁক দলৰ বহিষ্কাৰ কৰে।

ৰাজস্থান বিজেপিৰ অনুশাসন সমিতিৰ অধ্যক্ষ ওমকাৰ সিং লাখাৱাটে বুধবাৰে কয় যে উছমান গনিয়ে সংবাদ মাধ্যমত বিজেপিৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চেষ্টা কৰিছিল। গতিকে ছয় বছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷

প্ৰসংগক্ৰমে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ হায়দৰাবাদত কৈছিল যে কংগ্ৰেছ ক্ষমতালৈ আহিলে আৰ্থ-সামাজিক সমীক্ষা কৰি চাব যে যিকোনো শ্ৰেণীৰ হাতত কিমান ধন-সম্পত্তি আছে। সেই বক্তব্যৰ কথা উল্লেখ কৰি দেওবাৰে বাঁশৱাৰাত অনুষ্ঠিত বিজেপিৰ সভাতত মোদীয়ে কয় যে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল যে দেশৰ ধন-সম্পত্তিৰ ওপৰত মুছলমানসকলৰ সৰ্বোচ্চ অধিকাৰ আছে। সেইবাবেই কংগ্ৰেছে এক সমীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে। যাতে দেশবাসীৰ কষ্টোপাৰ্জিত ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব পৰা যায়।”

পাছত সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কয়, “কংগ্ৰেছৰ চকু আপোনাৰ সম্পত্তিৰ ওপৰত আছে। যদি তেওঁলোকে ক্ষমতালৈ আহে তেন্তে মাতৃ-ভগ্নীৰ মংগলসূত্ৰ কাঢ়ি নিব।” ইয়াৰ পাছত মঙলবাৰে ৰাজস্থানৰ টংক-সাৱাই মাধোপুৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কয়,” কংগ্ৰেছৰ শাসনত হনুমান চলিছাৰ কথা শুনাটো অপৰাধ আছিল।”