NORTHEAST NOW (Assamese)
উত্তৰ-পূব

সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহাৰ দাবীত গ্ৰামীন ডাক সেৱা কৰ্মচাৰীসকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

Posted by: পান্না ঘোষ May 17, 2018 6:32 pm
indian Extra-departmental employees union

আজিৰে পৰা সমগ্ৰ ভাৰত ব্যাপি ভাৰতীয় এক্সট্ৰা ডিপাৰ্টমেণ্টেল এমপ্লয়িজ ইউনিয়নে অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘট আৰম্ভ কৰিছে। কমলেশ চন্দ্ৰ কমিটীৰ পৰামৰ্শাৱলী আজিকোপতি এক্সট্ৰা ডিপাৰ্টমেণ্টেল কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাৰ প্ৰতিবাদত তেওঁলোকে এই সৰ্বাত্মক প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে।

উত্তৰ ত্ৰিপুৰাৰ ধৰ্মনগৰ শাখাত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হৈছে।

উল্লেখ্য যে কমলেশ চন্দ্ৰ কমিটী গ্ৰামীন ডাক সেৱা কৰ্মচাৰীসকলৰ দৰমহা আৰু তেওঁলোকৰ কাম কৰা পৰিৱেশৰ ওপৰত অধ্যয়ন আৰু পৰামৰ্শ প্ৰদান কৰাৰ বাবে গঠন কৰা হৈছিল। কমিটীখনে ২৭-১১-২০১৬ তেই  অধ্যয়নৰ প্ৰতিৱেদন দাখিল কৰিছিল।

প্ৰতিৱেদন দাখিল কৰাৰ প্ৰায় এবছৰ অতিক্ৰম হৈ গৈছে। সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগো বহুদিন পূৰ্বে বলৱৎ হৈ গৈছে। কিন্তু গ্ৰাম্য ডাক সেৱা কৰ্মচাৰীসকলক ইয়াৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। তেওঁলোকে বিচাৰে যে বিভাগৰ অন্যন্য কৰ্মচাৰীসকলে লাভ কৰাৰ নিচিনা তেওঁলোকেও সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ হাৰত দৰমহা প্ৰদান কৰা হওঁক।