NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ মন জিলাত ভয়ংকৰ গুলীচালনাৰ ঘটনা; কমেও ৬জন নিহত, ২জন আহত

Posted by: এন ই নাও নিউজ, কোহিমা Updated by: এন ই নাও নিউজ, কোহিমা December 5, 2021 8:17 am
WhatsApp Image 2021-12-05 at 8.01.43 AM

নাগালেণ্ডৰ মন জিলাত শনিবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাত কমেও ৬জন লোক নিহত হোৱাৰ লগতে ২জন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।

জানিব পৰা মতে, নাগালেণ্ডৰ মন জিলাৰ টিৰু গাঁৱৰ সমীপৰ কোনো এক স্থানত এই ঘটনা সংঘটিত হৈছে।

টিৰু গাঁৰ পৰা শ্ৰমিকৰ এটা দল পিক আপ বাহনত আহি থকা সময়তে এই ঘটনা  সংঘটিত হৈছে।

Also Read: ছুটী নোপোৱাৰ ক্ষোভতে দুই বিষয়াক গুলীয়াই হত্যা কৰিলে টিএছআৰৰ জোৱানে

অচিনাক্ত দুৰ্বৃত্তই বাহনখনলৈ নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত এইদৰে লোককেইজন নিহত তথা আহত হয়।

এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।