NORTHEAST NOW (Assamese)
দেশ

সুৰা নীতিৰ গোচৰত আপ নেতা মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ দিল্লী আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2024 5:15 pm

মঙলবাৰে দিল্লীৰ আদালতে সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ কৰে। কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু বলবৎকাৰী সঞ্চালকালয় (ইডি) দুয়োটা সংস্থাই ছিছ’দিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰিছিল।২০ এপ্ৰিলত তেওঁৰ জামিন আবেদনৰ ৰায় সংৰক্ষণ কৰাৰ পাছত ৰাউছ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই ছিছ’ডিয়াক জামিন অস্বীকাৰ কৰে।

সম্প্ৰতি ন্যায়িক জিম্মাত থকা আপ নেতাগৰাকী দিল্লীৰ তিহাৰ কাৰাগাৰত ভৰ্তি হৈ আছে, য’ত তেওঁৰ দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালও একেটা গোচৰতে বন্দী হৈ আছে।চিবিআই আৰু ইডি দুয়োটাই দাখিল কৰা গোচৰত জামিন নাকচ কৰা জিলা আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে এতিয়া ছিছ’দিয়াই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব।

যোৱা সপ্তাহত দিল্লীৰ আবকাৰী নীতিৰ কথিত কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত মনীষ ছিছ’দিয়া, সহ অভিযুক্ত বিজয় নায়াৰ আদিৰ ন্যায়িক জিম্মা ৮ মে’লৈ বৃদ্ধি কৰা হৈছিল।

মনীষ ছিছ’দিয়াক প্ৰথমে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছত বিগত বৰ্ষৰ ৯ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। উল্লেখযোগ্য যে নিম্ন আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়েও মনীষ ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছিল।