NORTHEAST NOW (Assamese)
Popular Stories

এনে তীব্ৰ গৰমত কণী খোৱাতো ভালনে? জানো আহক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী April 30, 2024 5:54 pm

ঘৰত শাক-পাচলি বা মাছ আৰু মাংস নাথাকে তেতিয়া কণীয়েই হৈ পৰে প্ৰথম বিকল্প। কিন্তু অত্যধিক গৰমৰ বাবে বহুতেই ভাবে যে গৰমত কণী খোৱাতো ভাল নে বেয়া। সেয়ে কণী খাবলৈ মন গ’লেও গৰমৰ কথা ভাবি বহুতেই কণীক খাদ্যৰ তালিকাৰ পৰা আতৰাই থয়।

গৰমত কণী খাব পাৰি নে? কি কয় চিকিৎসক সকলে? চিকিৎসকে গ্ৰীষ্মকালত লঘু খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। যাতে গৰমৰ দিনতো শৰীৰ শীতল হৈ থাকে।

গৰমৰ দিনত লঘু খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী। অৱশ্যে কণীও গৰমৰ দিনত স্বাস্থ্যৰ বাবে অপকাৰী নহয়। কণীক ছুপাৰফুড বুলি গণ্য কৰা হয়। কণী পুষ্টিকৰ উপাদানৰে ভৰপূৰ। কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন ডি, বি, জিংক আৰু কেলচিয়াম থাকে।

আনকি কণীয়ে ছাল আৰু চুলিকো নিৰোগী কৰি ৰাখে। পাচনতন্ত্ৰৰ কোনো অসুবিধা নহ’লে দৈনিক কণী খাব পাৰি।

কিন্তু এই অত্যধিক গৰমত দৈনিক কণী খালে কিবা সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি?

চিকিৎসকৰ মতে এজন সুস্থ আৰু সাধাৰণ জীৱন যাপন কৰা মানুহে দৈনিক দুটা বা তিনিটা কণী খাব পাৰে। পাচনতন্ত্ৰৰ বিসংগতি নাথাকিলে এজনে ব্যক্তিয়ে দুটাকৈ কণী খাব পাৰে।

বহুতে ভাবে যে গ্ৰীষ্মকালত কণী খাব নালাগে। আৰু ভাবে যে গৰমত কণী খালে কলেষ্টেৰল বৃদ্ধি পায়। আচলতে ই মাথোঁ এটা ধাৰণা। কণীত ভাল কলেষ্টেৰল থাকে, যিটো আচলতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

যিহেতু কণীত প্ৰটিনৰ পৰিমাণ বেছি, গতিকে গৰমৰ দিনত লঘুখাদ্য হিচাপে কণী খাব পাৰি। কিন্তু গৰমত কণী সীমিত পৰিমাণত খাব লাগে। গ্ৰীষ্মকালত দিনটোত দুটাতকৈ বেছি কণী খাব নালাগে বুলি চিকিৎসক সকলে কয়। কিয়নো গৰমত বেছিকৈ কণী খালে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।