NORTHEAST NOW (Assamese)
অসম

 বিজেপিৰ হৈ পাঁচবাৰ ভোট দি নিলম্বিত হ’ল কৰিমগঞ্জৰ প্ৰিজাইডিং বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 1, 2024 6:55 pm

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক একাধিকবাৰ ভোটদান কৰাৰ অভিযোগত কৰিমগঞ্জ লোকসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়াই এটা ভোটগ্ৰহণ কেন্দ্ৰৰ এজন প্ৰিজাইডিং বিষয়াক নিলম্বন কৰিছে।

ইফালে এক চৰকাৰী বিবৃতি অনুসৰি সমষ্টিটোত ২৬ এপ্ৰিলত ভোটদান সংঘটিত হোৱাৰ পূৰ্বে কৰা “মক প’ল”ৰ সময়ত এই ভিডিঅ’টো ৰেকৰ্ডিং কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নিৰ্বাচনী বিধি অনুসৰি প্ৰিজাইডিং বিষয়াই ভোটগ্ৰহণ কেন্দ্ৰলৈ  মোবাইল লৈ যাব নোৱাৰে। এই বিধি উলংঘা কৰিছিল বিষয়াগাকীয়ে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে প্ৰচাৰিত এই ভিডিঅ’টোত দেখা গৈছিল যে নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হামিদক প্ৰতিনিধিত্ব কৰা ভোটগ্ৰহণ এজেণ্ট আব্দুল চাহিদে বাৰে বাৰে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাৰ বুটামটোত ভোটদান কৰিছিল।

বিষয়াগৰাকীক নিলম্বন কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে।