NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছ মহামাৰীৰ পৰিস্থিতি অত্যন্ত শোচনীয় হ’ব পাৰে: WHO

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 7:21 am
who-2_062320083514-new-750x375

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে যদি সকলো দেশে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত মৌলিক সতৰ্কতা গ্ৰহণ নকৰে তেনেহ’লে কৰ’না ভাইৰাছৰ বৰ্তমান পৰিস্থিতি আৰু অধিক শোচনীয় হ’ব পাৰে।

ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সম্পৰ্কীয় সংস্থা বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তৰফৰ পৰা সোমবাৰে ইয়াৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম ঘেব্ৰিয়াছুছে এইদৰে সতৰ্ক কৰি দিয়ে।

জেনেভাত অনলাইন সংবাদ মেলত টেড্ৰ’ছে কয়,’’আমি স্পষ্ট কৰি দিওঁ, বহুতো দেশে ভুল পথে আগবাঢ়িছে। কৰ’না ভাইৰাছ এতিয়াও জনসাধাৰণৰ প্ৰধান শত্ৰু হিচাপে আছে।‘’

তেওঁ লগতে কয় যে যদি স্বাস্থ্য সেৱাৰ মৌলিক বিধিসমূহ মানি চলা নাযায়, তেতিয়াহ’লে এই মহামাৰী চলিয়েই থাকিব।

টেড্ৰ’ছে কয় যে এই পৰিস্থিতি ক্ৰমে বেয়া, বেয়া আৰু বেয়ালৈ গৈ থাকিব। কিন্তু ইয়াক এনেদৰে চলি থাকিব দিব নোৱাৰি।

সোমবাৰলৈকে কৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ১কোটি ৩০লাখ অতিক্ৰম কৰিছে আৰু ৫লাখ ৭২হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

বিগত পাঁচ দিনতে বিশ্বত প্ৰায় ১০ লাখ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।