NORTHEAST NOW (Assamese)
অসম

CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৬.৪ শতাংশ নম্বৰেৰে উত্তীৰ্ণ সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 8:11 am
nahid-afrin-images2

সংগীতৰ জগতত নিজৰ সুৰীয়া কণ্ঠেৰে দেশৰ সংগীত প্ৰেমীসকলৰ মন জয় কৰা শিল্পী নাহিদ আফ্ৰিনে সদ্য ঘোষিত চিবিএছচি দ্বাদশ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

সোমবাৰে ঘোষণা কৰা চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত নাহিদে ৯৬.৪শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

নাহিদ আফ্ৰিনে গুৱাহাটীৰ নাৰেংগিৰ আৰ্মি পাব্লিক স্কুলৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

নাহিদৰ এই সাফল্যৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে তেওঁৰ শুভাকাংখীসকলে শুভেচ্ছা জনাইছে।

বিশ্বনাথৰ বাসিন্দা নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৪৯ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

২০১৮ বৰ্ষত নাহিদে লিটল ষ্টাৰ হাইস্কুলৰ পৰা ৯১.৫% নম্বৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

নাহিদৰ পিতৃ আনোৱাৰ আনছাৰি আৰু মাতৃ ফাতিমা আনছাৰী নাহিদৰ সাফল্যক লৈ আনন্দিত।

নাহিদে সংগীতৰ সমান্তৰালকৈ ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।

উল্লেখ্য যে ছ’নি টিভিৰ জৰিয়তে প্ৰচাৰ হোৱা সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইড’লৰ মঞ্চত নিজৰ প্ৰতিভাৰ উমান দি অহা নাহিদ এতিয়া অসমৰ সংগীত জগতৰ এক উজ্বল নক্ষত্ৰ।

তেওঁ যি দৰে সংগীত ক্ষেত্ৰখনত সফলতাৰ শিখৰ পাবলৈ সক্ষম হৈছে তেনেদৰে শিক্ষা জীৱনতো উৎকৰ্ষতাৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে।