NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় বজাৰলৈ শীঘ্ৰেই অডি ই-ট্ৰন বেটাৰিৰ দ্বাৰা চালিত ই-ৰিক্সা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 22, 2022 3:03 pm
Audi E-Rickshaw

ভাৰতীয় বজাৰত অনতি পলমে উপলব্ধ হ’ব অডিৰ বেটাৰিৰ দ্বাৰা চালিত এক উন্নত মানদণ্ডৰ ই-ৰিক্সা। নুনাম নামৰ এটা জাৰ্মান-ভাৰতীয় কোম্পানীয়ে অডিৰ বেটাৰি ব্যৱহাৰ কৰি ভাৰতীয় বজাৰলৈ আনিছে তিনিখন বিশেষ বৈদ্যুতিক ৰিক্সা।

অডি এনভায়ৰনমেণ্টেল ফাউণ্ডেচনৰ পুঁজিৰ সহায়ত নুনামে অডিৰ নেকাৰচুলম চাইটত প্ৰশিক্ষণৰ দলৰ সহযোগত এই তিনিখন বিশেষ বাহন প্ৰস্তুত কৰিছে। নুনামৰ উপৰিও অডি এজি আৰু অডি এনভায়ৰনমেণ্টেল ফাউণ্ডেচনে প্ৰথমবাৰৰ বাবে যুটীয়াভাৱে এই প্ৰকল্পত কাম কৰিছে।

অডি ই-ট্ৰন বেটাৰী মডিউলৰ দ্বাৰা চালিত ই-ৰিক্সা কেইখন ২০২৩ চনৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে ভাৰতীয় বজাৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে।

নুনামৰ সহ প্ৰতিষ্ঠাপক প্ৰদীপ চেটাৰ্জীৰ ভাষ্য অনুসৰি এই ই-ৰিক্সাৰ উচ্চ-শক্তি-ঘনত্বৰ বেটাৰী বৰ্তমান ভাৰতত চালিত সাধাৰণ ই-ৰিক্সাৰ লীড-এচিড বেটাৰিতকৈ যথেষ্ট উৎকৃষ্ট মানদণ্ডৰ।

ভাৰতত বৰ্তমান দেখা পোৱা এই ই-ৰিক্সা সমূহত ব্যৱহৃত বেটাৰিৰ স্থায়ীত্ব তুলনামূলকভাৱে কম আৰু প্ৰায়ে সঠিকভাৱে নিষ্কাশন কৰা নহয় বুলি চেটাৰ্জীয়ে উল্লেখ কৰে।