NORTHEAST NOW (Assamese)
অসম

Health Benefits of Cucumber : উপকাৰিতাৰ বিষয়ে জানেনে? আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী June 22, 2022 2:50 pm

তিয়ঁহ হৈছে এবিধ ঔষধি পাচলি। অসমৰ গাঁৱৰ প্ৰায় প্ৰতিখন ঘৰতে বতৰত এজোপা তিয়ঁহৰ গছ লগোৱাতো নিয়ম।

তিয়ঁহত যথেষ্ট পৰিমাণে পানী পোৱা যায়। সেয়েহে গৰমৰ দিনত তিয়ঁহ খাই তৃপ্তি পোৱা যায়।

তিয়ঁহ বিভিন্ন ধৰণে খাব পাৰি। আমি কেঁচাই খাব পাৰো আৰু চালাড, ব্যঞ্জন আদিতো ব্যৱহাৰ কৰিব পাৰো। তিয়ঁহৰ ৰস আদি তৈয়াৰ কৰিও খাব পাৰি।

তিয়ঁহ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ চুলি আৰু ছালৰ সমস্যাৰ বাবে।

ছাল আৰু চুলিৰ সমস্যা সমাধান কৰিবলৈ তিয়ঁহৰ পৰা তৈয়াৰ কৰা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে।

তিয়ঁহ চকল কৰি কাটি তাত নেমুৰ ৰস আৰু নিমখ ছটিয়াই খালে হজম শক্তি বাঢ়ে। মধুমেহ ৰোগীৰ বাবেও তিয়ঁহ এবিধ উপাদেয় খাদ্য। মধুমেহ ৰোগীয়ে তিয়ঁহত নেমুৰ ৰস সানি খাব লাগে।

উচ্চ ৰক্তচাপৰ বাবে তিয়ঁহ বা তিয়ঁহৰ ৰস বৰ উপকাৰী। চকুৰ তলি ক’লা পৰিলে বঁটা তিয়ঁহ বা তিয়ঁহ চকলকৈ কাটি চকুত কিছু সময় ৰাখিলে চকুৰ ক’লা পৰা নাইকিয়া হয় আৰু তাৰ পৰা ভাল ফলাফল পোৱা যায়। লগতে ছালৰ তেলেটিয়া ভাব তিয়ঁহৰ প্ৰলেপে দূৰ কৰে।

প্ৰায় প্ৰতিদিনেই নিয়মীয়াকৈ তিয়ঁহ খালে ই স্বাস্থ্যৰ বাবে উপকাৰী। অৱশ্যে যিকোনো সামগ্ৰীৰে অত্যাধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। প্ৰয়োজনতকৈ অধিক তিয়ঁহ খালে গেছৰ সমস্যাও হব পাৰে।

তিয়ঁহ কটাৰ সময়ত মূৰবোৰ ঘঁহিলে এক বগা ফেনযুক্ত পদাৰ্থ ওলায় । যাক চিইউকাৰবিটাচিন বুলি জনা যায়। তিয়ঁহ কটাৰ সময়ত সেই বগা ফেনযুক্ত পদাৰ্থ খিনি মোহাৰি পেলাই তিয়ঁহ কাটি ভালকৈ ধুই খাব লাগে।