NORTHEAST NOW (Assamese)
দেশ

হাস্পাতালত ভৰ্তি লালকৃষ্ণ আদৱানী : কি হৈছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 14, 2024 12:23 pm

বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আদৱানী।

৯৭ বছৰীয়া এইগৰাকী নেতাক নতুন দিল্লীৰ আপোলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ মতে, আদৱানী বৃদ্ধাৱস্থাৰ সমস্যাত ভুগি আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিজেপিৰ শীৰ্ষ নেতাসকলে তেওঁৰ অসুস্থতাৰ খবৰ লৈছে।

অসুস্থতাৰ বাবে শনিবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল নেতাগৰাকী। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁ চিকিৎসাধীন হৈ আছে।

কিছুদিন আগতে একে কাৰণতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। সাময়িকভাৱে সুস্থ হৈ উঠাৰ পিছত ঘৰলৈ উভতি আহিছিল।