NORTHEAST NOW (Assamese)
Popular Stories

মামাই ভৰসা! ৯ বছৰৰ মূৰত বলীউডলৈ ঘূৰি আহিছে ভাগিন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 3, 2024 10:20 am

প্ৰায় ৯ বছৰৰ বিৰতিৰ অন্তত অৱশেষত বলীউডলৈ ঘূৰি আহিছে ‘জানে তু…য়া জানে না’ৰ চিনেমাৰ নায়োক ইমৰাণ খান। মোমায়েক আমিৰ খানৰ প্ৰডাকচন কোম্পানীৰ সহায়ত পুনৰ বলীউডলৈ প্ৰত্যাৱৰ্তন ঘটিছে অভিনেতাগৰাকীৰ।

প্ৰাপ্ত খবৰ অনুসৰি আমিৰ খানৰ প্ৰডাকচন কোম্পানীয়ে নিৰ্মাণ কৰা ‘হেপ্পী পেটেল’ নামৰ এখন কমেডী ছবিৰ জৰিয়তে বলীউডত পুনৰ প্ৰৱেশ ঘটিব অভিনেতাগৰাকীৰ।

উল্লেখ্য যে প্ৰায় আঠ মাহ পূৰ্বে ইমৰাণে ইংগিত দিছিল যে তেওঁ হয়তো পুনৰ বলীউডলৈ ঘূৰি আহিব।

খবৰ অনুসৰি গোৱাত ইতিমধ্যে চিনেমাখনৰ শ্বুটিং আৰম্ভ হৈছে।

জানিব পৰা মতে যে এই ছবিখনৰ পৰিচালনাৰ দ্বায়িত্বত আছে কৌতুক অভিনেতা বীৰ দাস। উল্লেখ্য যে ২০১১ চনত ইমৰাণ আৰু বীৰে একেলগে অভিনয় কৰিছিল ‘দিল্লী বেলী’ নামৰ ছবিখনত। ‘হেপ্পী পেটেল’ নামৰ ছবিখন হ’ব বীৰ দাসে পৰিচালনা কৰা প্ৰথমখন ছবি।

ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত ইমৰাণে অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা প্ৰকাশ কৰিছিল। সেই সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘২০১৬ চনত মই অভিনয়ৰ পৰা বিৰতি লৈছোঁ। কিয়নো মই কপালগুনাত এটা উদ্যোগত কাম কৰি আছোঁ। এই কামৰ পৰা মই যথেষ্ট উপাৰ্জন কৰিছোঁ। গতিকে ৩০ বছৰ বয়স হোৱাৰ আগতেই মই টকাৰ চিন্তাৰ পৰা মুক্তি পালোঁ। এতিয়া মই মোৰ সন্তানৰ ভৱিষ্যত ঠিক কৰিব লাগিব।’

ইমৰাণৰ উল্লেখযোগ্য চিনেমাসমূহ হৈছে – ‘জানে তু…য়া জানে না’, ‘দিল্লী বেলি’, ‘লাক’, ‘মেৰে ব্ৰাদাৰ কি দুলহান’, ‘আই হেট লাভ ষ্ট’ৰীজ’ আৰু ‘এক মে আৰু এক তু’।

ইমৰাণক শেষবাৰৰ বাবে ২০১৫ চনত কংগনা ৰানাউটৰ সৈতে ‘কট্টী বাট্টি’ চিনেমাত দেখা গৈছিল। ইয়াৰ তিনি বছৰৰ পাছত তেওঁ ‘মিছন মাৰ্চ: কীপ ৱাকিং ইণ্ডিয়া’ নামৰ এখন চুটি ছবি পৰিচালনা কৰিছিল।

মন কৰিবলগীয়া যে ইমৰানে ১৯৮৮ চনত ‘কায়ামত সে কায়ামত তক’ নামৰ ছবিখনত শিশু অভিনেতা হিচাপে ৰূপালী পৰ্দাৰ জগতখনত প্ৰৱেশ কৰিছিল আমিৰ খানৰ ভাগিন ইমৰাণ খানে।