NORTHEAST NOW (Assamese)
অসম

কেনে আছে ৪ বছৰ বয়সতে পিতৃ মাতৃয়ে এৰি থৈ আলফালৈ যোৱা তিনিচুকীয়াৰ সেই কন্যা সন্তানটি?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 11, 2024 12:32 pm

দুবছৰ পূৰ্বে নিষিদ্ধঘোষিত সংগঠন আলফালৈ কৰিছিল তিনিচুকীয়াৰ এহাল দম্পতীয়ে। কাকপথাৰৰ এক নং চেলেংগুৰিৰ বাসিন্দা সম্মিন নেওগৰ একমাত্ৰ পুত্র অচ্যুতানন্দ নেওগ আৰু বোৱাৰী মমতা নেওগে আলফা স্বাধীনলৈ গমন কৰিছিল।

সেই সময়ত নিজৰ ৪ বছৰীয়া একমাত্র কন্যা সন্তানক এৰি দুয়ো নিষিদ্ধ সংগঠনটোলৈ গমন কৰিছিল।

পিতৃয়ে জানিবলৈ দিয়া মতে, যোৱা ২০২২ চনৰ ৫ মেত অচ্যুতানন্দই ঘৰত উপস্থিত হৈ মাতৃক ভাত বাঢ়িবলৈ কয়। সেই সময়তে অচ্যুতানন্দলৈ এটা ফোন আহে। ফোনত কথা পতাৰ পিছতে বঢ়া ভাত এৰি ঘৰৰ পৰা ওলাই যায় অচ্যুতানন্দ। অচ্যুতানন্দ ওলাই যোৱা দেখি পত্নী মমতাও পিছে পিছে ওলাই যায়।

সেইদিনা সন্ধিয়া তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে পিতৃ সম্মিন নেওগলৈ ফোন কৰি তেওঁৰ পুত্ৰ-বোৱাৰী আলফা স্বাধীনলৈ গমন কৰাৰ খবৰটো দিয়ে।

ইয়াৰ পিছত ৬ মেত কাকপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ায়ো পৰিয়ালক দম্পতীহাল আলফালৈ যোৱাৰ কথাটো সদৰী কৰে। ইয়াৰ পিছত পৰিয়ালটো এই ঘটনাৰ বিষয়ে নিশ্চিত হয়।

ইয়াৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটোত। কণমাণি সন্তানটিক এৰি আলফালৈ যোৱা কাৰ্যই সকলোকে এক ভাবিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য যে অচ্যুতানন্দ নেওগৰ পিতৃ সম্মিন নেওগ এগৰাকী প্ৰাক্তন আলফা । ১৯৯৩ চনতে আত্মসমর্পণ কৰাৰ পৰা ঘৰতে আছে তেওঁ।

এতিয়া দুবছৰ পূৰ্বে মাক-দেউতাকে এৰি থৈ যোৱা কন্যা সন্তানটিয়ে পুনৰ এবাৰ চৰ্চা লাভ কৰিছে। মাক দেউতাকৰ অবিহনে কেনেকৈ ককাকৰ সৈতে দিন কটাইছে সেই কণমাণি শিশুটিয়ে? তাকে লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰাৰ লগতে পিতৃ মাতৃক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে পৰিয়াল তথা সচেতন ৰাইজে।