NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ডিফলু পথাৰত সলিল সমাধিত যুৱক

Posted by: উত্তম শইকীয়া September 18, 2018 4:56 pm

বোকাখাত মহকুমাৰ ডিফলু পথাৰৰ বিহদিয়া বিলৰ পানীত পৰি মঙলবাৰে চুটু মাঝি নামৰ এজন যুৱকৰ সলিল সমাধি হয়৷

গৰু আনিবলৈ বুলি দেওবাৰে পুৱা বিললৈ যোৱা যুৱকজন বহু সময় ধৰি সন্ধানহীন হৈ থকাত স্থানীয় লোকে যুৱ্কজন বিলৰ পানীত পৰা বুলি সন্দেহ কৰি স্থানীয় লোকে বোকাখাত আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে এছ ডি আৰ এফ-ৰ ডুবাৰুৰ সহায়ত ৩ঘন্টা জোৰা অভিযানৰ অন্তত মাঝিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়|

আৰক্ষীয়ে জনাই যে যুৱকজনৰ মৃতদেহত কোনো আঘাতৰ চিন নাই। ঘটনাটো আত্মহত্যা, দুৰ্ঘটনা নে হত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব বুলি জনাইছে মহকুমা আৰক্ষী বিষয়াই৷

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে৷