NORTHEAST NOW (Assamese)
Popular Stories

কয়লা খনিৰ শিশু শ্ৰমিকৰ পৰা চিকিৎসক হোৱালৈকে এজন সংগ্ৰামী যুৱকৰ কাহিনী : অনুপ্ৰেৰণা দিব আপোনাকো

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 16, 2024 7:25 pm

দৰিদ্ৰতাক নেওচি আগুৱাই গৈছিল তেওঁ। ভাত কাপোৰৰ তাড়নাত বাল্যকালতে কয়লাখনিত শ্ৰমিক হিচাপেও কাম কৰিছিল ল’ৰাজনে। এই দাৰিদ্ৰতা আৰু জীৱনৰ সকলো নেওচি সফলতা লাভ কৰিছে তেওঁ।

মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ মূলামাইলিয়াং গাঁৱৰ যুৱক ডাঃ কাম্ফেৰেইই পালা। সৰুৰে পৰাই চিকিৎসক হোৱাৰ সপোন দেখিছিল পালাই।

চিকিৎসক হোৱাৰ সপোন সাকাৰ কৰিবলৈ অপৰিসীম কষ্ট অতিক্ৰম কৰি আহিছে পালাই। মাত্ৰ ১২-১৩ বছৰ বয়সতে অবৈধ কয়লা খনিৰ বিপজ্জনক গভীৰতাত শ্ৰমিক হিচাপে কাম কৰিছিল তেওঁ।

দৰিদ্ৰতাৰ প্ৰত্যাহ্বান আৰু কয়লা খনিৰ বিপদজনক পৰিস্থিতিত নিজৰ জীৱনকো তুচ্ছ কৰি শিক্ষাৰ ক্ষেত্ৰত  আগবাঢ়ি গৈছিল তেওঁ। ছয়জনীয়া পৰিয়ালটিক পোহপাল দিবলৈ অক্লান্তভাবে কয়লা খনিত কাম কৰিছিল পালাই। আনকি ইয়াৰ সমান্তৰালকৈ জীৱন নিৰ্বাহৰ বাবে চাহ দোকানতো সহায়ক হিচাপে কাম কৰিছিল।

এনেদৰেই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অষ্টম স্থান লাভ কৰিছিল পালাই। ইয়াৰ পিছতেই যেন চিকিৎসক হোৱাৰ সপোন সাকাৰ হোৱাৰ পথ সুগম হৈছিল পালাৰ।

জানিব পৰা মতে, এতিয়া বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ইন্টাৰ্নিং কৰি আছে ডাঃ পালাই। পালাৰ এই সফলতাই এতিয়া আন বহুতকে যোগাইছে প্ৰেৰণা। প্ৰবল ইচ্ছাশক্তি আৰু ধাউতি থাকিলে যে মানুহে সকলো বাধা নেওচি আগুৱাই যাব পাৰে তাৰেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ডাঃ কাম্ফেৰেইই পালাই।