NORTHEAST NOW (Assamese)
অসম

পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ, ধৰ্মীয় অনুভুতিত আঘাতৰ অভিযোগ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 18, 2024 9:58 am

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মানস চক্ৰৱৰ্তীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সৰ্বভাৰতীয় ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিয়ে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (চিইউইটি) সময়ত সংঘটিত হোৱা বিতৰ্কিত ঘটনাৰ পিছত এজাহাৰ দাখিল কৰিছে সংগঠনটোৱে।

খবৰ অনুসৰি, বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে বৰবাটাবাৰী গাঁৱৰ ধৃতিৰাজ বশিষ্ঠ নামৰ এজন ছাত্ৰক লগুণ খুলিবলৈ বাধ্য কৰোঁৱা হৈছিল।

খবৰ অনুসৰি পৰীক্ষা হলত প্ৰৱেশৰ আগতে নিকা আৰু নিৰাপত্তা পৰীক্ষাৰ নামত লগুণ খুলি পৰীক্ষা দিবলৈ বাধ্য কৰোঁৱা হৈছিল ছাত্ৰজনক।

পাটাছাৰকুছি থানাত দাখিল কৰা এই এহাজাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটো তথা ছাত্ৰজনৰ পৰিয়ালে।