NORTHEAST NOW (Assamese)
দেশ

অমিত শ্বাহৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : লগে লগেই উপস্থিত অগ্নিনিৰ্বাপক বাহিনী আৰু বোমা নিষ্কাশনকাৰী দল

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 22, 2024 6:04 pm

এইবাৰ ভাবুকিৰ সন্মুখীন হৈছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।  বুধবাৰে আবেলি প্ৰায় ৩:৩০ বজাত ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে গৃহমন্ত্ৰীৰ কাৰ্যালয়ে।

এই ভাবুকিৰ পিছতেই তৎক্ষণাত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষীৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু এটা বোমা নিষ্কাশনকাৰী দল।

প্ৰাথমিক অনুসন্ধানৰ অন্তত এই ভাবুকি মিছা বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে। এই মেইলটো ক’ৰপৰা কোনে পঠিয়াইছে সেই সম্পৰ্কে এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই।

অৱশ্যে লোকসভা নিৰ্বাচনৰ সময়ত প্ৰশাসনে এনে ভাবুকিক সহজভাৱে লোৱা নাই।

জানিব পৰা মতে ভাবুকি লাভ কৰাৰ সময়ত কাৰ্যালয়ত উপস্থিত নাছিল গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিবংগলৈ গৈছিল।