NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত আলফা (স্বাঃ)ৰ দুজন ‘অস্ত্ৰ সৰবৰাহকাৰী তথা লিংকমেন’ক আটক

Posted by: অভীক চক্ৰবৰ্তী May 18, 2018 6:03 pm
ulfa (i) cadre apprehended by army in dibrugarh

ডিব্ৰুগড়ৰ নাহৰকটীয়াত ভাৰতীয় সেনাই আজি ১৮ মে’ত জিতেন সাহা (৩১ বছৰীয়া) আৰু জুনেইদ আহমেদ (২৮ বছৰীয়া) নামৰ আলফা (স্বাঃ) ( ULFA I )ৰ দুজন ‘অস্ত্ৰ সৰবৰাহকাৰী আৰু লিংকমেন’ক আটক কৰিছে।

জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি সেনাৰ ৯ ৰাজপুটনা ৰাইফলছৰ দাও ডিভিজনে নানাবাট নানকে চাৰিআলিত এখন এচ ইউ ভি গাড়ীৰ পৰা লোক দুজনক আটক কৰে।

ধৃত সাহা নাহৰকটীয়াৰ আৰু আহমেদ চৰাইদেওৰ সোণাৰিৰ বাসিন্দা। তেওঁলোকৰ পৰা .২২ পিস্তল এটা, ২ খন আলোচনী আৰু ৩টা ম’বাইল ফ’ন জব্দ কৰিছে।

আটক কৰাৰ পিছত তেওঁলোকক ৰাজগড় থানাত গতাই দিয়া হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকক বৰ্তমান জ্যেষ্ঠ আৰক্ষী বিষয়াই জেৰা চলাই আছে।

সেনাৰ এগৰাকী বিষয়াই জনোৱা মতে ধৃত সাহাই আলফা (স্বাঃ)ৰ হৈ কাম কৰাৰ উপৰি উত্তৰ-পূবৰ বিভিন্ন উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰি আহিছিল। বহু বছৰ ধৰি তেওঁলোকে নাগালেণ্ডৰ পৰা অস্ত্ৰ-শস্ত্ৰ আনি উগ্ৰপন্থী দলসমূহক যোগান ধৰি আহিছিল।

শেহতীয়াকৈ ‘আলফা (স্বাঃ)ৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা’ সেনাই সংগঠনটোৰ কেবাজনো সদস্যক বিভিন্ন ঠাইৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।

সেনাৰ সূত্ৰই দাবী কৰে যে ‘যোৱা ৮ মে’ত চাবুৱাৰ কাচমাৰী হাতীগড় গাঁৱৰ পৰা আলফা সদস্য দিপাঞ্জিত সন্দিকৈ ওৰফে তেজুশ্ৰী অসমক আটক কৰে।’