NORTHEAST NOW (Assamese)
অসম

গ্ৰীষ্ম প্ৰবাহ! ১ মাৰ্চৰ পৰা ১৬ হাজাৰতকৈও অধিক লোক হিটষ্ট্ৰোকত আক্ৰান্ত; কমেও ৬০ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2024 11:49 am

চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা দেশত তীব্ৰ গৰমৰ দহনত অসুস্থ হৈ কমেও ৬০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৩২ জনৰ হিটষ্ট্ৰোকৰ ফলত মৃত্যু হয়। বাকী ২৮ জনৰো হিটষ্ট্ৰোকৰ ফলত মৃত্যু হৈছে নে নাই সেয়া নিশ্চিত নহয়। এই পৰ্যন্ত ১৬ হাজাৰৰো অধিক লোক হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে।

তেওঁলোকৰ বহুতেই অসুস্থ হৈ পৰিছে। কেইবাখনো ৰাজ্যত বৰষুণ হোৱাৰ পাছতো সৰ্বোচ্চ উষ্ণতা এতিয়াও যথেষ্ট বেছি। জানিব পৰা মতে, বুধবাৰে অন্ধ্ৰ প্ৰদেশ আৰু ৰাজস্থানত প্ৰচণ্ড গৰমৰ বাবে ২ জন লোকৰ মৃত্যু হৈছে। ফলত এই গ্ৰীষ্মকাল শেষ নোহোৱালৈকে চিন্তা অব্যাহত আছে।

লগতে পঢ়কঃ শেষ নিশ্বাস ত্যাগ কৰিলে অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোলৰ তথ্য অনুসৰি ১ মাৰ্চৰ পৰা দেশত ১৬,৩৪৪ জন লোক গ্ৰীষ্ম দহনত আক্ৰান্ত হৈছে। এতিয়াও দেশৰ বিভিন্ন ৰাজ্যত গ্ৰীষ্ম দহনৰ বাবে বহু লোক অসুস্থ হৈ পৰিছে। কেৱল বুধবাৰে ৪৮৬ জন লোক অসুস্থ হৈ পৰে।

এইবাৰৰ গৰমৰ উত্তাপে সমগ্ৰ দেশতে উদ্বেগৰ সৃষ্টি কৰিছে। শৰীৰৰ উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি হ’লে হিটষ্ট্ৰ’ক হয়। ইয়াৰ উপৰিও মগজু, যকৃত, বৃক্ক আদি গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি হয়। এই গ্ৰীষ্মকালত সমগ্ৰ দেশৰ বহু লোক অসুস্থ হৈ পৰিছে।

নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলৰ তথ্য অনুসৰি, “প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে হিটষ্ট্ৰোক আৰু মৃত্যুৰ বহু নতুন ৰোগীৰ খবৰ পোৱা যায়।” ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এটা প্লেটফৰ্মত এই তথ্য প্ৰকাশ কৰিছে। ১ মাৰ্চৰ পৰা এতিয়ালৈকে হিটষ্ট্ৰোকত আক্ৰান্ত আৰু মৃত্যুৰ তালিকা দিয়া হৈছে।‘’

লগতে পঢ়কঃ দশমৰ বৰ্ড পৰীক্ষাত ৯৯.৭ শতাংশ নম্বৰ পোৱা পিয়নে নাজানে লিখিব-পঢ়িব! অভিযোগৰ পিছত আৰম্ভ তদন্ত

 এই পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নতুন নিৰ্দেশনা জাৰি কৰিছে। চিকিৎসালয়সমূহক গৰমজনিত ৰোগৰ চিকিৎসাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰয়োজনীয় ঔষধ, আই ভি ফ্লুইডছৰ, আইচ পেক, ওআৰএছ মজুত ৰাখিবলৈ কোৱা হৈছে।