NORTHEAST NOW (Assamese)
Popular Stories

কেন্সাৰত আক্ৰান্ত ৰাজকুমাৰী কেট মিডলট’ন; এবছৰ লোকচক্ষুৰ পৰা আঁতৰত থকা সিদ্ধান্তৰ গুজৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2024 7:26 pm

কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৰাজকুমাৰী কেট। ৰাজকীয় পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি ডেইলী বিষ্টে প্ৰকাশ কৰিছে যে কেট মিডলট’নে কেন্সাৰৰ চিকিৎসা গ্ৰহণ কৰাৰ বাবে চলিত বছৰৰ বাকী সময়খিনি ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰত থকাৰ সম্ভাৱনা আছে।

ডেইলী বিষ্টক এজন ৰয়েল ফেমেলিৰ সৈতে ব্যক্তিয়ে জনোৱা মতে, ২০২৪ চনৰ বাকী সময়ছোৱাৰ বাবে প্ৰিন্সেছ অৱ ৱেলছৰ সূচীত একো পৰিকল্পনা অন্তৰ্ভুক্তি কৰা হোৱা নাই।

চলিত বৰ্ষৰ আৰম্ভণিতে কৰ্কট ৰোগ ধৰা পৰাৰ পাছত কেমোথেৰাপি গ্ৰহণ কৰি থকাৰ সময়তে কেট মিডলট’নক পৰিয়ালৰ মাজতে ৰখা বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে জনোৱা মতে, আগন্তুক স্কুলৰ বিৰতি পৰিয়ালৰ সৈতে তেওঁলোকৰ চেণ্ড্ৰিংহাম এষ্টেটৰ বাসগৃহত কটাব বুলি আশা কৰা হৈছে,য’ত পিতৃ-মাতৃয়ে তেওঁক লগ কৰাৰ সম্ভাৱনা আছে।

ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত অভিভাৱকসকলে শেহতীয়াকৈ হোৱা অনুষ্ঠানত কেটৰ অনুপস্থিতি লক্ষ্য কৰিছে।

শেহতীয়াকৈ ৰাজকুমাৰ উইলিয়ামে শুভাকাংক্ষীসকলক পত্নীৰ সুস্বাস্থ্যৰ আশ্বাস দিছে। কেনচিংটন পেলেচৰ এগৰাকী মুখপাত্ৰই পূৰ্বে কয় যে ৰাজকুমাৰীগৰাকীয়ে ৰাজহুৱা কৰ্তব্যলৈ ঘূৰি অহাটো তেওঁৰ চিকিৎসা দলৰ পৰা নিশ্চিতিৰ ওপৰত নিৰ্ভৰশীল।

মাৰ্চ মাহত ৰাজকীয় পৰিয়ালৰ অনুৰাগীসকলৰ পৰা আশা আছিল যে কেটে চেণ্টাৰ ফৰ আৰ্লি চাইল্ডহুডৰ সৈতে নিজৰ ভূমিকাত ঘৰৰ পৰাই কাম কৰি থকাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত পুনৰ জনসাধাৰণৰ চকুত পৰিব। কিন্তু কেটৰ কৰ্কট ৰোগ ধৰা পৰা আৰু চিকিৎসাৰ ঘোষণাই সেই আশাবোৰক ম্লান কৰি পেলায়।