NORTHEAST NOW (Assamese)
Popular Stories

সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

Posted by: কোকিল শইকীয়া July 20, 2023 9:40 pm

যোৱা মে মাহৰ ৩ তাৰিখৰ কথা। হঠাৎ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এগৰাকী যুৱতীৰ এখন বিশেষ ফটো। প্লাষ্টিকৰ বেগত মেৰিয়াই থোৱা আছিল যুৱতীগৰাকীৰ মৃতদেহ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা উক্ত ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি প্ৰচাৰ কৰা হৈছিল যে কুকি পুৰুষে চুৰাচান্দপুৰৰ এইগৰাকী মেইটেই যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিছে। প্ৰচাৰ কৰা হৈছিল যে যুৱতীগৰাকী মণিপুৰৰ নাৰ্চিঙৰ ছাত্ৰী আছিল।

পিছত গ’ম পোৱা গ’ল যে ফটোখন ভূৱা। প্ৰশাসন আৰু পিছত প্ৰশাসন আৰু বিশেষজ্ঞই ফটোখনত দেখা যুৱতীগৰাকীক ২০২২ চনৰ নৱেম্বৰ মাহত পিতৃ-মাতৃয়ে হত্যা কৰা দিল্লীৰ আয়ুষী চৌধুৰী বুলি নিশ্চিত কৰে। 

কিন্তু এই খবৰ ভূৱা বুলি প্ৰতিপন্ন হোৱালৈকে এই ভুৱা বাতৰিটোৱে মেইটেই জনজাতীয় মহিলাসকলৰ ওপৰত কুকি পুৰুষে নিৰ্যাতন চলোৱা বুলি প্ৰতিশোধ আৰু হিংসাৰ দাবানল জ্বলি উঠিছিল।

এই ফটোখন সামাজিক মাধ্যমত বিয়পি পৰা এদিনৰ পিছতেই অৰ্থাৎ ৪ মে’ৰ দিনাখন কাংপকপি জিলাৰ এগৰাকী ৪০ বছৰীয়া কুকি মহিলা আৰু এগৰাকী কিশোৰীক ধাননি পথাৰলৈ টানি নি মেইটেই সম্প্ৰদায়ৰ কেইজনমান লোকে উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ সময়ত তেওঁলোকে চিঞৰি উঠে – “তোমালোকৰ পুৰুষে আমাৰ মহিলাসকলৰ লগত যি কৰিলে, আমিও তোমালোকক কৰিম।”

অৰ্থাৎ তেওঁলোকৰ বাবে এয়া আছিল প্ৰতিশোধ। এই সকলোবোৰ এটা ভুৱা বাতৰিৰ বাবেই হৈছিল। 

৪ মে’ত সংঘটিত হোৱা এই ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু কৰা হৈছিল ১৮ মে’ তাৰিখে। আৰু এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল ১৯ জুলাই তাৰিখে। 

কিন্তু ১৮ মে’ত গোচৰ ৰুজু হোৱাৰ পিছতো ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰা হ’ল। হিংসা হত্যাৰ আনবোৰ খবৰৰ দৰে চৰ্চা লাভ নকৰিলে মণিপুৰৰ ধৰ্ষণকাণ্ডই।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে ১৮ মে’ত গোচৰ ৰুজু হোৱা পিছতো ভিডিঅ’ ভাইৰেল নোহোৱা পৰ্যন্ত অৰ্থাৎ ১৯ জুলাইৰ দিনালৈকে এজনো অপৰাধীক গ্ৰেপ্তাৰ কৰা নাছিল আৰক্ষীয়ে। ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত যেতিয়া গোটেই বিশ্বব্যাপী ঘটনাটো বিয়পি পৰিল তেতিয়াহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২ জন অভিযুক্তক। এতিয়ালৈকে মাত্ৰ ২ জন।