NORTHEAST NOW (Assamese)
Popular Stories

মাউন্টেন ডিউৰ ফল! মাতৃয়ে হত্যা কৰিলে ৪ বছৰীয়া সন্তানক!

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 26, 2024 7:00 pm

মাউণ্টেন ডিউক বহুতে শীতল পানীয় হিচাপে পছন্দ কৰে। বহুতে এই নিয়ন-সেউজীয়া ৰঙৰ চেনি আৰু চোডা ড্ৰিংকটো সেৱন কৰি নিজৰ পিয়াহ দূৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই পানীয়বিধে প্ৰাণ কাঢ়িলে এটি ৪ বছৰীয়া কণমানিৰ।

খবৰ অনুসৰি দৈনিক কণমানিজনীক মাউণ্টেন ডিউ খুৱাইছিল মাতৃয়ে। মাউণ্টেন ডিউৰ সৈতে মিহলি কৰিছিল বেবী ফুড পাউদাৰ। দীৰ্ঘদিন ধৰি এই খাদ্য গ্ৰহণ কৰি থকাৰ পিছত ২০২২ চনৰ জানুৱাৰী মাহত ডায়েবেটিছত শিশুটিৰ মৃত্যু হয়। শুকুৰবাৰে (২৪ মে’) আদালতে শিশুটিৰ মাতৃক হত্যা কৰাৰ অপৰাধত ৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ অহাইঅ’ৰ চিনচিনাটি চহৰত। নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি অভিযুক্ত মহিলাগৰাকীৰ নাম তামাৰা বেংকছ। অভিযোগ অনুসৰি তেওঁ ৪ বছৰীয়া কন্যা কাৰ্মিটি হ’বক দৈনিক মাউণ্টেন ডিউ খুৱাইছিল। ফলত ২০২২ চনৰ জানুৱাৰী মাহত শিশুটি গুৰুতৰভাৱে অসুস্থ হৈ পৰে। দিন পাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ অৱস্থা বেয়া হৈ আহিল। অৱশ্যে তামাৰাই তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা নাছিল।

অৱশেষত এদিন শিশুটিৰ গোটেই শৰীৰটো নীলা হৈ পৰিল। জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈ শিশুটিক প্ৰায় মৃত অৱস্থাত উদ্ধাৰ কৰে। চিকিৎসকে পিছত জানিব পাৰে যে মধুমেহ ৰোগৰ বাবে শিশুটিৰ মৃত্যু হৈছে। দীৰ্ঘদিনে মাউন্টেন ডিউৰ বাবেই মধুমেহত আক্ৰান্ত হৈছিল শিশুটি।

আচলতে মাউণ্টেন ডিউত চেনিৰ পৰিমাণ অত্যন্ত বেছি। মাউণ্টেন ডিউত ৭৭ গ্ৰাম চেনি থাকে। এই চেনিযুক্ত পানীয় সেৱন কৰাতো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।