NORTHEAST NOW (Assamese)
অসম

ভোট গণনাৰ বাবে আজি গুৱাহাটীত যাতায়ত নিষেধাজ্ঞা; কি আছে নিৰ্দেশনাত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2024 7:20 am

আজি (৪ জুন) মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সাধাৰণ পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জৰুৰীকালীন যান-বাহনৰ মুক্ত যাতায়তৰ সুবিধাৰ বাবে নিৰ্দিষ্ট যান-বাহন নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ ভিতৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা ৪ বজাৰ পৰা আৰু গণনা প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে গধুৰ সামগ্ৰী কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জ্যোতিকুছি ফালৰ পৰা ৰাজীৱ গান্ধী ৰোড অভিমুখে অহা সকলো বাহন এ কে আজাদ ৰোডৰ ফালে ডাইভাৰ্ট কৰা হ’ব।

কোনো যান-বাহন ৰাজীৱ গান্ধী পথেৰে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ দিশে যাবলৈ দিয়া নহ’ব। ৰাজীৱ গান্ধী পথক ‘নো ভেহিকেল জ’ন’ আৰু ‘নো পাৰ্কিং জ’ন’ হিচাপে নিৰ্ধাৰণ কৰা হ’ব।

ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখে চাৰ্ভিচ লেনত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব যান-বাহন।

গড়চুকৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখে অহা বাহনসমূহক ট্ৰেড চেণ্টাৰৰ দিশে চাৰ্ভিচ লেনত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। কাষৰীয়া উৰণীয়া সেতুৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ডাইভাৰ্ট কৰা হ’ব বাহনসমূহ।

অৱশ্যে নিৰ্বাচনী কৰ্তব্যৰত কৰ্মী, ভোটগ্ৰহণ সম্পৰ্কীয় সামগ্ৰী কঢ়িয়াই অনা বাহন আৰু জৰুৰীকালীন সেৱাত চলা বাহনৰ বাবে এই বাধা ৰেহাই দিয়া হৈছে বুলি লগতে কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে অগ্নিনিৰ্বাপক বাহন, এম্বুলেন্স, জীৱনদায়ী ঔষধ কঢ়িয়াই নিয়া বাহন আৰু অক্সিজেন চিলিণ্ডাৰ আদি জৰুৰীকালীন সেৱাসমূহ এই নিষেধাজ্ঞাৰ দ্বাৰা প্ৰভাৱিত নহ’ব।