NORTHEAST NOW (Assamese)
Popular Stories

নৰেন্দ্ৰ মোদীৰ সন্মুখত নীতিশ কুমাৰৰ প্ৰথম দাবী; ‘পুনৰ বিবেচনা কৰা হওক অগ্নিবীৰ আঁচনি’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 6, 2024 7:52 pm

তৃতীয় কাৰ্যকালৰ দিশে আগবঢ়া বিজেপি কঠোৰ মিত্ৰতাৰ অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছে৷ বৃহস্পতিবাৰে নীতিশ কুমাৰৰ জেডিইউয়ে সেনাবাহিনীৰ বাবে অগ্নিপথ নিযুক্তি আঁচনিৰ পুনৰীক্ষণৰ দাবী জনাব। জেডিইউৰ নেতা কেচি ত্যাগীয়ে কয় যে, অগ্নিপথৰ আঁচনিৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে, আৰু নিৰ্বাচনৰ সময়ত সেয়া দেখা গৈছিল।অগ্নিপথ আঁচনিৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে।আঁচনিখনৰ বহু বিৰোধিতা হৈছিল আৰু নিৰ্বাচনতো ইয়াৰ প্ৰভাৱ দেখা গৈছিল।

সশস্ত্ৰ বাহিনীৰ খৰছ কম কৰি তোলা আৰু প্ৰতিৰক্ষা পেঞ্চন বিল হ্ৰাস কৰাৰ উদ্দেশ্যে ২০২২ চনত কেন্দ্ৰই অগ্নিপথ আঁচনি উন্মোচন কৰিছিল।এই আঁচনিৰ অধীনত চাৰি বছৰৰ হ্ৰস্বম্যাদী চুক্তিত সেনা, নৌসেনা আৰু বায়ুসেনাত কৰ্মী নিযুক্তি দিয়া হয়। আঁচনিখন অনুসৰি মুঠ বাৰ্ষিক নিযুক্তিৰ ভিতৰত মাত্ৰ ২৫% লোককহে স্থায়ী কমিচনৰ অধীনত আৰু ১৫ বছৰ সেৱা আগবঢ়োৱাৰ অনুমতি দিয়া হৈছে। এই আঁচনিৰ ফলত বিহাৰ আৰু উত্তৰ প্ৰদেশত ব্যাপক প্ৰতিবাদ।