NORTHEAST NOW (Assamese)
অসম

বোকাখাত মহকুমাৰ ৰজাবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 31, 2021 12:33 pm
IMG-20210131-WA0016

বিদ্যাভাৰতীৰ অন্তৰ্গত গোলাঘাট জিলাৰ প্ৰথমখন নিকেতনৰজাবাৰীৰ শংকৰদেৱ শিশু নিকেতনে ২০২২ চনত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব।

সেই উপলক্ষে ৰূপালী জয়ন্তীৰ  প্ৰাক ক্ষণত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছে।

উল্লেখযোগ্য যে ১৯৯৭ চনৰ ৩ ফেব্ৰুৱাৰীত বোকাখাতৰ ৰজাবাৰীৰ কেইজনমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত গঢ় লোৱা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত ৩ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰিব চেনিৰাম শইকীয়াই।

সত্যব্ৰত গোস্বামীয়ে স্মৃতি তৰ্পন কৰাৰ পাছতেই নিকেতন পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকাই মূল পতাকা উত্তোলন কৰিব।

বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে আন২৪ খন পতাকা উত্তোলন কৰিব।

বৃক্ষৰোপন কৰিব গোবিন দাসে ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে।

ইলোৰা শইকীয়াই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ পাছতেই অনুষ্ঠিত হ’ব লগীয়া ন পুৰণি শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা‌‌।

৪ ফেব্ৰুৱাৰীৰ পুৱা মাৰাথন দৌৰেৰে আৰম্ভ হ’ব লগা অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন খেলুৱৈ পুহেশ্বৰ গগৈয়ে।

শিক্ষক শিক্ষয়ত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ পাছতেই অনুষ্ঠিত হ’ব লগীয়া মুকলি সভা বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া দিলীপ সৰকাৰে উদ্বোধন কৰিব।

সন্ধিয়ালৈ অনুষ্ঠিত হ’ব লগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সাংস্কৃতিক শিল্পী বীৰেণ দাসে।

উল্লেখযোগ্য যে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে  উদযাপন হ’ব লগীয়া এই ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিটো কাৰ্যসূচীত আৰম্ভণিৰে পৰাই প্ৰতিজনৰে সহায়-সহযোগ সভাপতি বুবুল দত্ত,সম্পাদক মৃদুল বৰা প্ৰমুখ্যে উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়া, নিকেতন কৰ্তৃপক্ষ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কামনা কৰিছে।