NORTHEAST NOW (Assamese)
Popular Stories

অস্কাৰ বিজয়ী অভিনেতা জিন হেকমেন আৰু পত্নীক ঘৰতে মৃত অৱস্থাত উদ্ধাৰ! বিশ্বজুৰি চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2025 7:44 pm

বুধবাৰে বিয়লি ১:৪৫ বজাত তেওঁৰ পত্নী বেট্ ছি আৰু পোহনীয়া কুকুৰটোৰ সৈতে নিউ মেক্সিকোৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ হয় ‘বনি এণ্ড ক্লাইড ছবিখনৰ বাবে পৰিচিত অভিনেতা জিন হেকমেনক। চান্টা ফে নিউ মেক্সিকান ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি তদন্ত অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে গোচৰটোত ফাউল প্লেৰ সন্দেহ তৎক্ষণাত কৰা নাছিল।

প্ৰতিবেদনত চান্টা ফে কাউন্টি শ্বেৰিফ এডান মেণ্ডোজাৰ উদ্ধৃতি দি নিশ্চিত কৰা হৈছে যে দুবাৰৰ অস্কাৰ বিজয়ী অভিনেতাজনৰ কুকুৰ আৰু পত্নীৰ সৈতে মৃত্যু হৈছে।

অভিনেতাজনৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ, আনহাতে পত্নীৰ বয়স আছিল ৬৩ বছৰ।তেওঁলোকৰ মৃত্যুৰ কাৰণ এতিয়াও ঘোষণা কৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, হেকমেনৰ আন আন ৰচনাসমূহৰ ভিতৰত আছে ‘দ্য ফ্ৰেঞ্চ কানেকচন’, আৰু ‘দ্য ৰয়েল টেনেনবামছ’। তেওঁৰ বিখ্যাত কেৰিয়াৰত দুবাৰকৈ একাডেমী বঁটা লাভ কৰাৰ উপৰিও তেওঁ চাৰিটা গোল্ডেন গ্লব আৰু দুটা বাফটা বঁটাও লাভ কৰে। হেকমেনে ‘ছুপাৰমেন (১৯৭৮) আৰু ‘ছুপাৰমেন দ্বিতীয় (১৯৮০) ছবিতো লেক্স লুথাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৪ চনত তেওঁ শেষবাৰৰ বাবে ‘ৱেলকাম টু মুছপৰ্ট ছবিত অভিনয় কৰিছিল, আৰু ২০০৮ চনত তেওঁৰ তৃতীয়খন কিতাপত তেওঁ অভিনয়ৰ পৰা অৱসৰ লোৱাটো নিশ্চিত কৰিছিল।

অভিনেতাজনে প্ৰথমে ফেই মাল্টেজক বিয়া কৰাইছিল আৰু দম্পতীহালৰ তিনিটা সন্তান আছিল – ক্রিষ্টোফাৰ এলেন, এলিজাবেথ জিন আৰু লেছলি এন্নে হেকমেন। ১৯৮৬ চনত তেওঁলোকৰ তিনিটা দশকৰ বিবাহৰ অন্ত পৰে, তাৰ পাছত ১৯৯১ চনত হেকমেনে পিয়ানোবাদক বেট্ ছি আৰাকাৱাক বিয়া কৰায়।তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে কোনো সন্তান নাছিল।