NORTHEAST NOW (Assamese)
Popular Stories

অসম ষ্টাৰ্ট আপৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2025 7:08 pm

উত্তৰ-পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ষ্টাৰ্টআপ ইকচিষ্টেম উন্নয়ন আৰু বৃদ্ধিৰ বাবে দুটা গুৰুত্বপূৰ্ণ সংস্থাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত এআইআইডিচিৰ অধীনত অসম ষ্টাৰ্টআপৰ সৈতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক  অধ্যাপক দিপাংকৰ সাহাই এআইআইডিচিৰ অধ্যক্ষ ডাঃ পি উদয় প্ৰবীণৰ সৈতে বুজাবুজি্ৰ চুক্তিৰ আদান-প্ৰদান কৰে। সহকাৰী অধ্যাপক ড০ ধ্ৰুৱ জ্যোতি শৰ্মাই উদ্যোগীকৰণ বিকাশ কোষ,গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ  প্ৰতিনিধি হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাত সহায় কৰে।