NORTHEAST NOW (Assamese)
Popular Stories

তুলসী ৰুবলৈ ঘৰৰ কোনটো দিশ উচিত? পঢ়ক এই প্ৰতিবেদন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2024 4:51 pm

হিন্দু ধৰ্মত তুলসী উদ্ভিদক পূজা কৰাৰ পৰম্পৰা আছে। তুলসীক বৃন্দা বুলিও কোৱা হয়। তুলসী থকা ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়, কাৰণ তুলসীতে দেৱী লক্ষ্মীয়ে বাস কৰে। সেয়েহে ইয়াক ধন-সম্পত্তি প্ৰদান কৰা উদ্ভিদ বুলিও কোৱা হয়। বাস্তুৰ মতে ঘৰত তুলসী সঠিক দিশত থকাটো অতি জৰুৰী, তেতিয়াহে ইয়াৰ দ্বাৰা প্ৰকৃত ফল পোৱা যায়।

ঘৰত কোন দিশত তুলসী গছ ৰোপণ কৰিব!

ঘৰত তুলসী গছ ৰোপণৰ সৰ্বোত্তম দিশটো উত্তৰ-পূব বুলি ধৰা হয়। পূব দিশত তুলসী ৰোপণ কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি পোৱা যায় আৰু সূৰ্যৰ দৰে শক্তি বজাই ৰাখে। আনহাতে তুলসীক উত্তৰ দিশত প্ৰয়োগ কৰিলে ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়।

ভুলতেও এই দিশত তুলসী ৰোপণ নকৰিব-

ভুল দিশত তুলসী গছ ৰোপণ কৰিলে তুলসী গছ শুকাই যোৱাই নহয় দৰিদ্ৰতাৰো সৃষ্টি কৰিব পাৰে। দক্ষিণ দিশত তুলসী ৰোপণ নকৰিব। এয়াই পূৰ্বপুৰুষৰ দিশ। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ’ব পাৰে। লগতে পশ্চিম দিশত ৰোপণ নকৰিব ইয়াৰ ফলত আৰ্থিক সংকটৰ সৃষ্টি হয়।

তুলসী পূজা মন্ত্ৰ

‘महाप्रसाद जननी सर्व सौभाग्यवर्धिनी, आधि व्याधि
हरा नित्यं तुलसी त्वं नमोस्तुते।।’

তুলসী গছ কেতিয়া ৰোপণ কৰিব লাগে

বাস্তুৰ মতে তুলসী গছ ৰোপণৰ বাবে বৃহস্পতিবাৰ বা শুকুৰবাৰক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। মাহৰ কথা ক’বলৈ গ’লে কাতি বা চ’ত মাহত ঘৰত তুলসী ৰোপণ কৰাটো আটাইতকৈ শুভ বুলি গণ্য কৰা হয়।

ঘৰত যদি তুলসী আছে তেন্তে এইবোৰ কথা মনত ৰাখিব-

তুলসীক দৈনিক পানী আগবঢ়াব লাগে, কিন্তু নিয়মীয়া পৰিমাণত কাৰণ অধিক পানী যোগ কৰিলে ইয়াৰ শিপাৰ ক্ষতি হয় আৰু ই শুকাই যায়। তুলসী শুকাই লোৱাটো শুভ বুলি গণ্য কৰা নহয়।সূৰ্যাস্তৰ পাছত তুলসী স্পৰ্শ কৰিব নালাগে, মাথোঁ চাকি জ্বলাই পূজা কৰিব লাগে।