NORTHEAST NOW (Assamese)
Popular Stories

৭ বছৰ ধৰি পেটত সোমাই আছে মুদ্ৰা : এক্স-ৰেৰ ৰিপোৰ্ট দেখি বেহুচ চিকিৎসক, তাৰপিছত….

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 7, 2024 9:24 pm

৭ বছৰ পূৰ্বে ভুলবশতঃ এটা শিশুৱে গিলি পেলাইছিল এটা মুদ্ৰা। ৭ বছৰ ধৰি তেওঁ বিশেষ কষ্ট পোৱা নাছিল। সৰু আছিল বাবে একো বুজি পোৱা নাছিল শিশুটিয়ে।

কিন্তু যোৱা ৪ জুনত হঠাৎ শিশুটিৰ ডিঙি আৰু পেটত তীব্ৰ বিষ হ’বলৈ ধৰে। পৰিয়ালৰ লোকে তেওঁক চেকআপৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাত শিশুটিৰ এক্স-ৰে কৰা হয়। এক্স-ৰে ৰিপৰ্টত শিশুটিৰ ডিঙিৰ ছবিখন দেখি আচৰিত হৈ পৰে চিকিৎসকসকল। এটা মুদ্ৰা আবদ্ধ হৈ আছিল শিশুটিৰ ডিঙিত।

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

তাৰ পিছত চিকিৎসকে টেলিস্কোপিক পদ্ধতিৰে শিশুটিৰ ডিঙিৰ অস্ত্ৰোপচাৰ কৰি মুদ্ৰাটো আঁতৰাই পেলায়। তেওঁৰ পৰিয়ালৰ লোকে কয় যে এপ্ৰিল মাহতো তেওঁৰ ডিঙি আৰু পেটৰ বিষ হৈছিল। কিন্তু ঔষধ খোৱাৰ পিছত তেওঁৰ স্বাস্থ্য ভাল হ’বলৈ ধৰিলে।

১২ বছৰীয়া নাবালকৰ পিতৃ অজয়ে কয়, ‘৪ জুনত শিশুটিয়ে ক’লে যে তেওঁৰ তীব্ৰ বিষ হৈছে। গতিকে আমি ততাতৈয়াকৈ তাক জিলা চিকিৎসালয়লৈ লৈ গ’লোঁ৷ তাত ই এন টি চাৰ্জন ডাঃ বিবেক সিঙে ডিঙি পৰীক্ষা কৰাৰ পিছত সোধা-পোছা কৰাতহে কথাটো পোহৰলৈ আহে।