NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-পাক মেচৰ পূৰ্বে আশাহত ক্ৰিকেটানুৰাগী; পুনৰ প্ৰেক্টিছত আঘাতপ্ৰাপ্ত অধিনায়ক ৰোহিত শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2024 12:39 pm

কাইলৈ নিউয়ৰ্কৰ নাছাউ কাউন্টি ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ এখন আকৰ্ষণীয় মেচ৷ খেলখনৰ পূৰ্বে ৰোহিত শৰ্মাক নেট প্ৰেক্টিছত মনোনিৱেশ কৰা যেন দেখা গৈছিল।

নিউয়ৰ্কৰ প্ৰশিক্ষণ কেন্দ্ৰস্থিত অনুশীলন খেলপথাৰত ভাৰতৰ এজন থ্ৰ’ডাউন বিশেষজ্ঞই ডেলিভাৰী কৰা এটা বল ৰোহিত শৰ্মাৰ আঙুলিত খুন্দা মাৰে। লগালগ ট্ৰেইনিং ষ্ট্ৰিপৰ মাজত ভাৰতীয় ফিজিঅ’সকলে ৰোহিতক এটেণ্ড কৰে।কিছু সময়ৰ বাবে বেটিং অনুশীলন বন্ধ হৈ গৈছিল যদিও ৰোহিত সুস্থ হৈ উঠে।

নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ উদ্বোধনী মেচত বাহুৰ ওচৰত ৰোহিত শৰ্মাই হাতত আঘাত পোৱাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে এই আঘাত লাভ কৰিছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচ বিজয়ী পঞ্চাশ ৰান সংগ্ৰহ কৰি আঘাতপ্ৰাপ্ত হৈ ৰোহিত ৰিটায়াৰ্ড হাৰ্ট হয়।

ইতিমধ্যে প্ৰথমখন মেচত ভাৰতে আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। আনহাতে, বৃহস্পতিবাৰে ডালাছত অনুষ্ঠিত হোৱা ছুপাৰ অভাৰ থ্ৰিলাৰত পাকিস্তানক স্তম্ভিত কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ জয়ী হয়।